‘CAAক লৈ মোৰ প্ৰতিবাদ আপোনালোকক দেখুৱাবলৈ নহয়...’ – ছচিয়েল মিডিয়াত প্ৰিয়ংকা ভৰালীৰ আবেগিক পোষ্ট

News18 Assam | News18-Assam
Updated:January 10, 2020, 1:24 PM IST
‘CAAক লৈ মোৰ প্ৰতিবাদ আপোনালোকক দেখুৱাবলৈ নহয়...’ – ছচিয়েল মিডিয়াত প্ৰিয়ংকা ভৰালীৰ আবেগিক পোষ্ট
Photo : pinterest.com

শেহতীয়াকৈ দুলীয়াজানত মন্ত্ৰী–বিধায়কসহ একাংশ শিল্পী, অভিনেতা–অভিনেত্ৰীক নিষিদ্ধ ঘোষণা কৰিছিল আছুকে ধৰি ৩০টা সংগঠনে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এতিয়াও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ–আন্দোলন। শেহতীয়াকৈ দুলীয়াজানত মন্ত্ৰী–বিধায়কসহ একাংশ শিল্পী, অভিনেতা–অভিনেত্ৰীক নিষিদ্ধ ঘোষণা কৰিছিল আছুকে ধৰি ৩০টা সংগঠনে। CAAবিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰা শিল্পী, অভিনেতা–অভিনেত্ৰীক নিষিদ্ধ কৰিছিল সংগঠনসমূহে।

আজি কিছু সময় পূৰ্বে এই ঘটনাক লৈ ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকাই পোষ্টটোত লিখিছে – ‘প্ৰথমেই মই এই কথা স্পষ্ট কৰি দিব বিছাৰিছো যে বিহুৰ অনুষ্ঠানত মোক নামাতিব, তাৰ বাবে মোৰ এই স্পষ্টিকৰণ নহয়৷ কাৰণ অসমৰ ৰাইজে জানে যে বিগত কিছু সময়ৰ পৰা মই বহু কম অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছো৷ গতিকে বিহুত অনুষ্ঠান পৰিৱেশন কৰা নকৰাটো জাতিৰ সংকটৰ সময়ত এক গৌণ বিষয়৷ এতিয়া আহো মূল কথালৈ, ডিব্ৰুগড়ত যিসকল লোকে মোক নিষিদ্ধ কৰিছে তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰিয়ংকা ভড়ালীৰ কোনো কণ্ঠ নাই৷ কিন্তু তেওঁলোকে হয়তো নাজানে যে জাতিধ্বংসী এই আইনক মই প্ৰথম দিনাৰে পৰা তীব্ৰ বিৰোধিতা কৰি আহিছো৷ ইয়াৰ উপৰিও লতাশিল খেলপথাৰ, চানমাৰি খেলপথাৰত যিসমূহ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে তাত মই অংশগ্ৰহণ কৰিছিলো আৰু গীতৰ জৰিয়তে মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলো৷ ব্যক্তিগত অসুবিধাৰ বাবে সকলো অঞ্চলতে গৈ প্ৰতিবাদ সাব্যস্ত কৰাটো সম্ভৱ নহয় যদিও এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সবল৷ হয়তো কোনোবাই ব্যক্তিগতভাৱে মোক আক্ৰমণৰ লক্ষ কৰি লৈছে কিন্তু সেয়া যিয়েই নহওঁক কিয় তেনে অপশক্তিয়ে মোক বিচলিত কৰিব নোৱাৰে৷ কাৰণ মই ৰাইজৰ পক্ষত আছো আৰু সদায়েই থাকিম আৰু ৰাইজৰ মৰমে তেনেবোৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মোক যুঁজ দি যোৱাত সহায় কৰিব৷ যিসকল লোকে মোক আক্ৰমণৰ লক্ষ কৰি লৈছে তেওঁলোকে এটা কথা মনত ৰাখিব যে মোৰ এই প্ৰতিবাদ প্ৰচাৰৰ বাবে বা আপোনালোকক দেখুৱাবৰ বাবে নহয় মোৰ প্ৰতিবাদ মোৰ কণ্ঠ জাতিৰ বাবে৷’



NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: January 10, 2020, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading