• Home
  • »
  • News
  • »
  • assam
  • »
  • নীল আকাশ–কুসুম কৈলাসৰ প্ৰশংসনীয় পদক্ষেপ, বিহুৰ বতৰত কি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দুজনে?

নীল আকাশ–কুসুম কৈলাসৰ প্ৰশংসনীয় পদক্ষেপ, বিহুৰ বতৰত কি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দুজনে?

সকলো ব্যস্ত বিহুটিক আদৰিবলৈ। শিশু তথা যুৱক-যুৱতীসকল বিহুৰ আখৰাত ব্যস্ত থকাৰ সমান্তৰালকৈ শিল্পীসকলো সাজু হৈ উঠিছে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ।

  • Share this:
ৰঙালী বিহুটিলৈ মাজত মাথোঁ কিছুদিন বাকী। সকলো ব্যস্ত বিহুটিক আদৰিবলৈ। শিশু তথা যুৱক-যুৱতীসকল বিহুৰ আখৰাত ব্যস্ত থকাৰ সমান্তৰালকৈ শিল্পীসকলো সাজু হৈ উঠিছে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ। তেনে সময়তে ৰাজ্যৰ তিনিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ।

বিহুৰ বতৰত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাস আৰু মাধৱ ৰঞ্জনে ৰোপণ কৰিলে কাঞ্চন গছৰ পুলি। চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ উদ্যোগত তিনিওগৰাকী কণ্ঠশিল্পীৰ সহযোগত দুহেজাৰটা কাঞ্চন পুলি ৰোপণৰ লগতে প্ৰতিপালনৰো দায়িত্ব গ্ৰহণ কৰিছে ইতিমধ্যে।

চৰাইদেউ জিলাৰ মাহমৰাৰ দিচাংপানী অঞ্চলত এই উদ্দেশ্যে অনুপ পাটকাই আৰু দিচাংপানীবাসীৰ সহযোগত নীল-কুসুম-মাধৱ কাঞ্চন বাগিচা নামেৰে এটা প্ৰকল্পও হাতত লোৱা হৈছে বুলি জানিবলৈ দিছে শিল্পীকেইগৰাকীয়ে। মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাই ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ত্ৰিশ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰি প্ৰশংসিত হৈছে।
Published by:Sanjay Kumar Das
First published: