মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam State Film Awards : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ নাহিদ আফ্ৰিনৰ স্পষ্টীকৰণ

Assam State Film Awards : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ নাহিদ আফ্ৰিনৰ স্পষ্টীকৰণ

গোটেই ঘটনাটোত এটা প্ৰশ্ন স্বাভাৱিকতে উঠিব যে ৰাজ্য চৰকাৰৰ এটা বিয়াগোম বিভাগৰ ফালৰ পৰা বঁটাৰ বাবে বিবেচিত গান আৰু নেপথ্য গায়িকাৰ নামৰ ক্ষেত্ৰত কিয় বেমেজালিৰ সৃষ্টি হ'ল।

গোটেই ঘটনাটোত এটা প্ৰশ্ন স্বাভাৱিকতে উঠিব যে ৰাজ্য চৰকাৰৰ এটা বিয়াগোম বিভাগৰ ফালৰ পৰা বঁটাৰ বাবে বিবেচিত গান আৰু নেপথ্য গায়িকাৰ নামৰ ক্ষেত্ৰত কিয় বেমেজালিৰ সৃষ্টি হ'ল।

গোটেই ঘটনাটোত এটা প্ৰশ্ন স্বাভাৱিকতে উঠিব যে ৰাজ্য চৰকাৰৰ এটা বিয়াগোম বিভাগৰ ফালৰ পৰা বঁটাৰ বাবে বিবেচিত গান আৰু নেপথ্য গায়িকাৰ নামৰ ক্ষেত্ৰত কিয় বেমেজালিৰ সৃষ্টি হ'ল।

  • Share this:
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি অনুষ্ঠিত চতুৰ্থ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত কণ্ঠশিল্পী নাহিদ আফ্ৰিনক শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হয়। কিন্তু ইয়াৰ পিছতে আৰম্ভ হয় বিতৰ্ক। বিতৰ্কৰ ভিত্তি নথকাও নহয়। কিয়নো নাহিদ আফ্ৰিনক শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হৈছিল ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ গীতটোৰ বাবে। তাজ্জব কথা যে এই গানটো নাহিদৰ সলনি গাইছিল ৰূপজ্যোতি দেৱীয়েহে। গতিকে স্বাভাৱিকতে এই বিতৰ্ক সৃষ্টি হয় (Assam: State Film Awards)।

এই সন্দৰ্ভত বহুতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কণ্ঠশিল্পী নাহিদ সন্দৰ্ভতো কোৱা হৈছে যে তেওঁ এই বঁটা কিয় গ্ৰহণ কৰিলে।

এই সন্দৰ্ভত নাহিদে উল্লেখ কৰে যে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰাৰ ৫ মিনিট মানৰ পিছতে তেওঁলৈ ফোন কৰি জনোৱা হৈছিল বঁটা পোৱাৰ কথা। তেওঁক কোৱা হৈছিল যে ‘নিজানৰ গান’ ছবিখনৰ বাবে তেওঁক নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হৈছে। এই সম্পৰ্কে এখন লিষ্ট তেওঁলৈ পঠোৱা হৈছিল, যত তেওঁৰ নামৰ লগতে বঁটা আৰু ছবিখনৰ বিষয়ে উল্লেখ কৰা আছিল। কিন্তু ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ গানটোৰ কথা উল্লেখ নাছিল।



ইয়াৰ লগতে নাহিদে বঁটা গ্ৰহণ কৰাৰ সময়ত স্ক্ৰীনত কিয় প্ৰত্যক্ষ কৰা নাছিল বুলি উঠা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেইখিনি সময়ত তেওঁ বিশাল সমাগমৰ মাজত নিজকে লৈ সচেতন হৈ আছিল আৰু স্ক্ৰীনত চোৱাৰ অৱকাশ নাছিল। তেওঁ প্ৰকাশ কৰে যে যদি এই সম্পৰ্কে ঘোষকে গীতৰ নামটো কৈ দিলে হয়, তেন্তে এই সম্পৰ্কে তেওঁ মঞ্চতে কথাটো ক'লে হয়। এই গোটেই ঘটনাত তেওঁ নিজকে নিৰ্দোষী বুলি প্ৰকাশ কৰি এই সম্পৰ্কে জুৰী বোৰ্ডক প্ৰশ্ন কৰাটো সমীচীন বুলি কয়।

নাহিদে লগতে প্ৰকাশ কৰে য়ে এই বঁটাটো তেওঁ এতিয়াও উচিত প্ৰাপকক প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক আনন্দৰে ওভতাই দিবলৈ সাজু। এই সম্পৰ্কে জুৰী বোৰ্ডে লোৱা সিদ্ধান্ত তেওঁক অৱগত কৰিলে তেওঁ এই কাম কৰিব পাৰিব।

উল্লেখ্য, নাহিদে নাজিনৰ গান ছবিখনত নতুন এজাক নামৰ এটা গান গাইছিল আৰু সেয়ে তেওঁ এই বিষয়ে সন্দেহৰ অৱকাশ বিচাৰি পোৱা নাছিল। কিয়নো ‘নীলাতে লুকা–ভাকু’ গানটোৰ কথা তেওঁৰ পোৱা তথ্য স্পষ্ট নাছিল।



কিন্তু এই গোটেই ঘটনাটোত এটা প্ৰশ্ন স্বাভাৱিকতে উঠিব যে ৰাজ্য চৰকাৰৰ এটা বিয়াগোম বিভাগৰ ফালৰ পৰা বঁটাৰ বাবে বিবেচিত গান আৰু নেপথ্য গায়িকাৰ নামৰ ক্ষেত্ৰত কিয় বেমেজালিৰ সৃষ্টি হ'ল। বঁটা প্ৰদান কৰাৰ আঁৰত আছে এটা ৰাজ্যিক সংস্থা আৰু বঁটা গ্ৰহণ কৰিছে এগৰাকী ব্যক্তিয়ে। গতিকে এইক্ষেত্ৰত নাহিদ আফ্ৰিনকৈ বঁটা প্ৰদানৰ এই বেমেজালিৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমৰ পৰা স্পষ্টীকৰণ অহা উচিত।

শেহতীয়া বাতৰি