உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকে নেকি’ – বৰপেটাত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ

    ‘কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকে নেকি’ – বৰপেটাত ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ

    যদিহে কোভিডৰ  সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷

    যদিহে কোভিডৰ  সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷

    যদিহে কোভিডৰ  সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷

    • Share this:
    অতিমাৰী কোভিডৰ ব্যাপক সংক্ৰমণৰ সময়ত চৰকাৰে বিহু পাতিবলৈ অনুমতি দিয়াটো উচিত হোৱা নাই বুলি মন্তব্য ৰাজ্যৰ জনপ্ৰিয় শিল্পী মানস ৰবিনৰ৷ পহিলা ব'হাগত সত্ৰনগৰী বৰপেটাত ছাত্ৰ সন্থাৰ বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি জনপ্ৰিয় শিল্পীগৰাকীয়ে বিহুৰ অনুষ্ঠান পালনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোভিড সংক্ৰান্তীয় SOPক লৈ প্ৰকাশ কৰে অসন্তুষ্টি৷

    বৰপেটাত বিহু অনুষ্ঠানত ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই শ্ৰোতা–দৰ্শকক আপ্লুত কৰা মানস ৰবীনে ৰাজ্য চৰকাৰৰ বিহু সংক্ৰান্তীয় নিৰ্দেশনাক লৈ প্ৰকাশ কৰে কেতবোৰ মন্তব্য৷ মানস ৰবীনৰ মতে, সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাতকৈ জনস্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটোহে অধিক জৰুৰী আৰু কেইগৰাকীমান শিল্পীৰ স্বাৰ্থতকৈয়ো ৰাজ্যৰ তিনি কোটি মানুহৰ জীৱনৰ মুল্যহে অধিক বুলি দাবী কৰি তিনি কোটি মানুহক লৈ যদি কোনোবাই হেতালি খেলিছে সেয়া ভাল কথা নহয় বুলিও মন্তব্য কৰে৷

    আনকি যদিহে কোভিডৰ  সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি হৈছে তেন্তে চৰকাৰে বিহুৰ অনুষ্ঠান বাতিল কৰিলেও আপত্তি নাই শিল্পীগৰাকীৰ৷ তাৰ বিপৰীতে নিশা ১১ বজাৰ পূৰ্বে বিহুৰ অনুষ্ঠান শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশক বাৰে বিংকৰা কথা বুলি অভিহিত কৰে। আনকি কোৰোণা নিশা ১১ বজাৰ পিছতহে আহিবলৈ ৰৈ থাকিব নেকি বুলিও ৰাজ্য চৰকাৰলৈ প্ৰশ্ন শিল্পী মানস ৰবীনৰ৷ ৰাজ্যবাসীৰ হিতৰ বাবে দিয়া প্ৰতিটো নিৰ্দেশ নতশিৰে পালন কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য শিল্পীগৰাকীৰ৷

    মানস ৰবিনৰ মন্তব্য— মাতিলে যাবই লাগিব, ক’লে গাবই লাগিব৷ নিজকে ৰাইজৰ দাস বুলি মন্তব্য কৰি যদিহে কোৰোণাৰ ব্যাপক সংক্ৰমণ হৈ আছে তেন্তে বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ স্বাস্থ্য বিভাগলৈ অনুৰোধ শিল্পীগৰাকীৰ৷ ৰাজ্য চৰকাৰৰ SOP, ১১ বজাৰ পূৰ্বে অনুষ্ঠান শেষ কৰাৰ নিৰ্দেশ, শিল্পী বা বিহু সমিতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুমকি আদি এনে এক পৰিস্থিতিৰ বিপৰীতে বিহুৰ অনুষ্ঠান বাতিল কৰি দিলেই সকলো সমস্যাৰ সমাধান বুলিহে মন্তব্য কৰে৷ তাৰবাবে শিল্পীসকলক চৰকাৰে আৰ্থিক সকাহ প্ৰদান কৰিব পাৰে বুলিও মন্তব্য মানস ৰবিনৰ৷ আনহাতে আজিও ‘কা' বিৰোধী স্থিতিত অটল মানস ৰবিনে খিলঞ্জীয়াৰ অধিকাৰ থকা এখন চৰকাৰ আশা কৰে৷
    Published by:Sanjay Kumar Das
    First published: