নাগাৰা নামেৰে অগাধ জনপ্ৰিয়তা অৰ্জন কৰিছে কৰিশ্মা নাথে। কৰিশ্মা নাথ বুলি ক’লে এতিয়া অসমবাসীক চিনাকি কৰি দিয়াৰ প্ৰয়োজন হয়তো নাই। নাগাৰা নামৰ এটা ক্লিপ ভাইৰেল হোৱাৰ পিছতে এতিয়া জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা। নাগাৰা নাম বিকৃত কৰা বুলি বিতৰ্কৰো সৃষ্টি হৈছিল। কিন্তু বিতৰ্কৰ পিছত যেন কৰিশ্মাৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে।
এইবাৰ কৰিশ্মা নাথৰ পক্ষত থিয় দিলে জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথক এইবাৰ বিহু মঞ্চত ল’বলৈ মন মেলিছে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই। কৰিশ্মা নাথক লগত লৈ গীত পৰিৱেশন কৰাৰ কথা চিন্তা কৰিছে মহেন্দ্ৰ হাজৰিকাই। তেওঁ কয়, শিকিব খোজা ছোৱালীজনীক বেয়া পোৱা উচিত নহয়|
মহেন্দ্ৰ হাজৰিকাই কয়, ‘‘বহুজনে বেয়া পোৱা, বহুতৰো বহুজনে ভাল পোৱা কৰিশ্মা নাথ নামৰ ছোৱালীজনীয়ে আহি আশীৰ্বাদ লৈছে। আশীৰ্বাদ লৈ কৈছে – বৰদেউতা, আমাক অকণমান চাই দিব, মই ভাল পাইছো। নিগেটিভটো আমি পজিটিভ কেনেকৈ কৰিব পাৰো তাকে চেষ্টা কৰিব লাগিব সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰত। বহুজনে অৱহেলা বা উপহাস কৰা প্ৰতিভাৰ ধনাত্মক আকৰ যদি মই দেখা পাওঁ নিশ্চিতভাৱে মই বিচাৰি মোৰ সংপৃক্ত ৰখাটো মোৰ দায়িত্ব বুলি ভাবো, মই ভাবিম কথাটো।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 23, 2023, 17:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।