• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰভোগৰ পৰাই নিৰ্বাচন খেলাৰ মন কল্পনা পাটোৱাৰীৰ, পিছে ৰণজিত দাসে লগাব নেকি আউল!

সৰভোগৰ পৰাই নিৰ্বাচন খেলাৰ মন কল্পনা পাটোৱাৰীৰ, পিছে ৰণজিত দাসে লগাব নেকি আউল!

কল্পনা, আজমল অথবা নৰেন্দ্ৰ মোদী আহিব আৰু যাব৷ কিন্তু ৰাইজ সজাগ নহলে একো নহ’ব বুলি কয় কল্পনাই ৷

কল্পনা, আজমল অথবা নৰেন্দ্ৰ মোদী আহিব আৰু যাব৷ কিন্তু ৰাইজ সজাগ নহলে একো নহ’ব বুলি কয় কল্পনাই ৷

কল্পনা, আজমল অথবা নৰেন্দ্ৰ মোদী আহিব আৰু যাব৷ কিন্তু ৰাইজ সজাগ নহলে একো নহ’ব বুলি কয় কল্পনাই ৷

  • Share this:
ৰাষ্ট্ৰীয় দল বিজেপি এৰি অসম গণ পৰিষদত যোগদান কৰা জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ মন সৰভোগৰ পৰা অগপৰ টিকটত নিৰ্বাচনী যুঁজত নমাৰ৷ অগপত যোগদান কৰাৰ পিছৰে পৰা বিভিন্ন সময়ত এই ইচ্ছাৰ কথা প্ৰকাশ কৰি আহিছে শিল্পীগৰাকীয়ে৷ জন্মভূমি সৰভোগৰ মোহ আৰু সৰভোগৰ ৰাইজৰ সেৱা কৰাৰ মন থাকিলেও কল্পনাৰ চিন্তা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসক লৈহে৷

সৰভোগৰ পৰাই যিহেতু ৰণজিত কুমাৰ দাস দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে তেনেক্ষেত্ৰত মিত্ৰজোঁটৰ  অংশীদাৰ বিজেপিৰ সভাপতিগৰাকী হেঙাৰ হৈ ঠিয় দিছে সন্মুখত৷ কিন্তু এইখন যিহেতু মিত্ৰজোঁটৰ চৰকাৰ গতিকে দলে যি কৰে ভালে কৰিব বুলি মন্তব্য কৰে কল্পনা পাটোৱাৰীয়ে। আগন্তুক চৰকাৰ গঠনৰ বাবে তেওঁক য’তেই প্ৰক্ষেপ কৰে তাৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কল্পনা পাটোৱাৰীৰ ৷

বৰপেটাৰ হাউলীত অগপৰ মহিলা মৰ্চাৰ সভা এখনত অংশগ্ৰহণ কৰি কল্পনা পাটোৱাৰীয়ে ২১ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি এইক্ষেত্ৰত ৰাইজক সজাগ হোৱাৰ কথা ব্যক্ত কৰে৷ কল্পনা, আজমল অথবা নৰেন্দ্ৰ মোদী আহিব আৰু যাব৷ কিন্তু ৰাইজ সজাগ নহলে একো নহ’ব বুলি কয় কল্পনাই ৷

ইপিনে, অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অগপ দলটেক শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে শিল্পীগৰাকীয়ে ৷ কোনো ব্যক্তি বিশেষে  কৰা ভুলৰ বাবে অগপৰ অস্তিত্বক অস্বীকাৰ কৰিব নোৱাৰি বুলিও মন্তব্য কল্পনাৰ৷ শিল্পীগৰীকীয়ে ৬নং দফাৰ কাৰ্যকৰীকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷ আনহাতে, অসমত অসমীয়া প্ৰথম বুলি ব্যক্ত কৰি বিহাৰত আঞ্চলিক শক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰকো দ্বিতীয় শাৰীত ৰাখিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
Published by:Sanjay Kumar Das
First published: