সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী। অসমৰ গৌৰৱ ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু বাংলা ভাষাতো বহু গীত গাইছিল। তেওঁ অসমীয়াৰ পৰা আৰম্ভ কৰি হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। সংগীত জগতলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰা হৈছিল। ২০১১ চনৰ ৫ নৱেম্বৰত সংগীত জগতৰ এই মূল্যৱান সম্পদ কালৰ বুকুত হেৰাই যায়। নিজৰ উৎকৃষ্ট ৰচনাসমূহৰ দ্বাৰা তেওঁ এতিয়াও মানুহৰ হৃদয়ত জীয়াই আছে।
ভূপেন হাজৰিকাৰ জীৱন আৰু সংগীতলৈ তেওঁৰ অৱদানৰ বিষয়ে কিছুমান বিশেষ কথা জানক-
অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা ড৹ ভূপেন হাজৰিকা নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ পুত্ৰ আৰু দহজন ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ আছিল। সংগীতৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱা ভূপেন হাজৰিকাই মাত্ৰ ১০ বছৰ বয়সতে কেৰিয়াৰ আৰম্ভ কৰিছিল। বহুমুখী ভূপেন হাজৰিকাই ১২ বছৰ বয়সতে দুখন চলচ্চিত্ৰৰ বাবে গান লিখিছিল আৰু ৰেকৰ্ড কৰিছিল। সেই দুয়োটা গান দুখন চলচ্চিত্ৰ ক্ৰমে ইন্দ্ৰমালাটি– ‘কাষতে কলচি লৈ’ আৰু ‘বিশ্ব বিজয় ন জোৱান’ত চিত্ৰগ্ৰহণ কৰা হৈছিল।
ভূপেন হাজৰিকাই ১৯৪২ চনত কটন মহাবিদ্যালৰ পৰা মধ্যৱৰ্তী কলা সম্পূৰ্ণ কৰিছিল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইচডি ডিগ্ৰী লাভ কৰে। শিক্ষা জীৱন শেষ কৰাৰ পিছত ড৹ ভূপেন হাজৰিকাই গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ত গান গাবলৈ আৰম্ভ কৰে। ভূপেন হাজৰিকাই কেৱল তেওঁৰ জীৱনত গীত গোৱাই নহয়, বৰঞ্চ প্ৰায় এক হাজাৰ গান আৰু ১৫ খন কিতাপো লিখিছিল।
ভূপেন হাজৰিকাৰ বহুতো ভাষাৰ ওপৰত জ্ঞান আছিল, তেওঁ বঙালী গীতবোৰ হিন্দী ভাষালৈ অনুবাদ কৰিছিল আৰু কণ্ঠ দান কৰিছিল। পত্নীৰ পৰা পৃথক হোৱাৰ পিছত ড৹ ভূপেন হাজৰিকাই সংগীতক তেওঁৰ সংগী কৰি তোলে। তেওঁ ‘মিল গয়ী মঞ্জিল মুঝে’, ‘ৰুদালী’, ‘সাজ’, ‘দৰমিয়াঁ’, ‘গজগামিনী’ৰ দৰে চুপাৰহিট চলচ্চিত্ৰত গীত গাইছিল।
ড৹ ভূপেন হাজৰিকাক ১৯৭৫ চনত ৰাষ্ট্ৰীয় বঁটা, ১৯৭৭ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৯২ চনত সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে তেওঁক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা 'দাদাচাহেব ফালকে বঁটা' প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও, তেওঁক ২০০৯ চনত অসম ৰত্ন আৰু ২০১২ চনত পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। ভূপেন হাজৰিকাক চৰকাৰে ২০১৯ চনত ভাৰত চৰকাৰে সন্মানীয় 'ভাৰত ৰত্ন' প্ৰদান কৰে। ইয়াৰোপৰি তেওঁক বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছিল।
তেওঁ ৫ নবেম্বৰ ২০১১ চনত চিৰদিনৰ বাবে বিদায় লৈ জীৱনৰ মায়া ত্যাগ কৰি ইহলীলা সম্বৰণ কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 05, 2022, 09:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।