• Home
  • »
  • News
  • »
  • assam
  • »
  • Singer Dipen Baruah : ''শুদ্ধকৈ গীত গাব লাগে''- জুবিন গাৰ্গক লৈ দ্বীপেন বৰুৱাৰ পৰামৰ্শ, কি আছিল আঁৰৰ কথা?

Singer Dipen Baruah : ''শুদ্ধকৈ গীত গাব লাগে''- জুবিন গাৰ্গক লৈ দ্বীপেন বৰুৱাৰ পৰামৰ্শ, কি আছিল আঁৰৰ কথা?

পূৰ্বতে নিজে গোৱা গানৰ পুনৰ নিৰ্মাণত শব্দৰ গড়মিলে এগৰাকী গায়কক স্বাভাৱিকতে কষ্ট দিব পাৰে।

পূৰ্বতে নিজে গোৱা গানৰ পুনৰ নিৰ্মাণত শব্দৰ গড়মিলে এগৰাকী গায়কক স্বাভাৱিকতে কষ্ট দিব পাৰে।

পূৰ্বতে নিজে গোৱা গানৰ পুনৰ নিৰ্মাণত শব্দৰ গড়মিলে এগৰাকী গায়কক স্বাভাৱিকতে কষ্ট দিব পাৰে।

  • Share this:

অসমীয়া সংগীত জগতৰ প্ৰবীণ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই যুৱ প্ৰজন্মৰ হাৰ্থ থ্ৰব জুবিন গাৰ্গে নতুনকৈ গোৱা এটা পুৰণি গীতক লৈ কৰা মন্তব্যক লৈ চৰ্চা অব্যাহত আছে। নলবাৰীত কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কৈছিল যে জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গাইছে। গীতৰ কথা ভুল হ'লে গীতিকাৰক অশ্ৰদ্ধা কৰা যেন হয়। ''শুদ্ধকৈ গীত গাব লাগে'' বুলি পৰামৰ্শও দিয়ে দ্বীপেন বৰুৱাই।


উল্লেখযোগ্য যে ''ড০ বেজবৰুৱা ২'' চলচ্চিত্ৰখনত জুবিন গাৰ্গে গোৱা এটা গীতৰ কথা আৰু সুৰ অশুদ্ধ বুলি উল্লেখ কৰি এই মন্তব্য কৰিছিল বৰুৱাই। বৰুৱাই কয়- ''মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ, গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাৰ কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাই আমাক কষ্ট দিয়ে।'' উদাহৰণস্বৰূপে এলি আহমেদৰ গীতৰ কথাত থকা ''মৌ'' শব্দটো ''মোক'' বুলি গোৱাৰ কথা উল্লেখ কৰে তেওঁ।


বৰুৱাই কয় যে কোনো গানৰ গীতিকাৰ আৰু সুৰকাৰ জীৱিত থকা অৱস্থাত কিছুমান কথা সুধিব পাৰে। গাৰ্গে আচলতে সেইখিনি কৰিব পাৰিলে হয়। অৱশ্যে প্ৰবীণ সংগীতশিল্পীগৰাকীয়ে এই কথাক লৈ কোনো বিতৰ্ক হোৱাটো নিবিচাৰে বুলি উল্লেখ কৰে। বিতৰ্ক নিবিচাৰিলেও বৰুৱাৰ মন্তব্যত প্ৰকাশিত মৃদু অভিযোগে কিছু প্ৰশ্ন নোতোলাকৈ নাথাকে।


পূৰ্বতে নিজে গোৱা গানৰ পুনৰ নিৰ্মাণত শব্দৰ গড়মিলে এগৰাকী গায়কক স্বাভাৱিকতে কষ্ট দিব পাৰে। বৰুৱাৰ ভাষ্যত এনে কথাই প্ৰতিফলিত হৈছে। এইক্ষেত্ৰত তেওঁ গাৰ্গক পিছলৈ সচেতন হোৱাৰ অনুৰোধো জনায়।


উল্লেখযোগ্য যে নলবাৰীৰ চহৰত সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থকা সময়ত সাংবাদিকৰ আগত এই মন্তব্য কৰে কণ্ঠশিল্পী দ্বীপেন বৰুৱাই। অৱশ্যে এই সন্দৰ্ভত জুবিন গাৰ্গে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি