মুখ্যপৃষ্ঠা »খবৰ »অসম »জুবিন, বৰ্ণালীৰ পিছত এইবাৰ বিপিন চাউদাং, পৰেশ বৰুৱাক কি আহ্বান চাউদাঙৰ?

জুবিন, বৰ্ণালীৰ পিছত এইবাৰ বিপিন চাউদাং, পৰেশ বৰুৱাক কি আহ্বান চাউদাঙৰ?

জুবিন গাৰ্গক লৈ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া। জুবিনৰ কাষত থিয় দিছে শিল্পীসকলৰ লগতে তেওঁৰ অনুৰাগীসকলো।

জুবিন গাৰ্গক লৈ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া। জুবিনৰ কাষত থিয় দিছে শিল্পীসকলৰ লগতে তেওঁৰ অনুৰাগীসকলো।

  • Share this:
    জুবিন গাৰ্গক লৈ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া। জুবিনৰ কাষত থিয় দিছে শিল্পীসকলৰ লগতে তেওঁৰ অনুৰাগীসকলো। শেহতীয়াকৈ NEWS18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক সংগ্ৰাম এৰি ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে।

    বিপিন চাউদাঙে কয় – পৰেশ বৰুৱা ককাইদেউক মই ভাল পোৱা মানুহ। তেওঁ বছৰ বছৰ ধৰি দেশ–জাতিৰ হৈ কাম কৰি আছে আৰু দেশৰ বাবে বহুত ত্যাগ কৰিবলগীয়া হৈছে। বহু বছৰ ধৰি তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ লৈ আহিছে। তেওঁ এজন ভাল মনৰ মানুহ আছিল। বিপ্লৱী হোৱাৰ পিছৰ কথা কোৱা নাই, আগৰ পৰা মানুহৰ হৈ মাত মাতিছিল।

    সাক্ষাৎকাৰটোত চাউদাঙে কয় যে – পৰেশ ককাইদেউ, আপোনাক ইমান সমালোচনা কৰি আছে, আপুনিতো জাতিটোক লৈ ঠিকা লৈ থকা নাই। জাতিটোক লৈ কাম কৰিবলৈ ওলাই গৈছিল আপুনি। বহু বছৰ হৈ গ’ল। এতিয়া আমি বিচাৰিছো আপুনি ঘূৰি আহক। ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহক। আপোনাক ঘৰলৈ আহিবৰ বাবে সকলোৱে আহ্বান জনাইছে। ঘৰলৈ আহি খেতি–বাতি কৰক। আমি এতিয়া হত্যা–হিংসা বাদ দিবলৈ হ’ল। অসমলৈ শান্তি ঘূৰাই আনক। কিছুমান সংগঠনলৈ গৈ ঘূৰি আহিল, ৰাজনীতি কৰি আছে, কিছুমানে ধন ঘটি আছে। আপুনিও ঘৰলৈ ঘূৰি আহক আৰু অসমলৈ শান্তি ঘূৰাই আনক।

    শেহতীয়া বাতৰি