কায়িক ভাবে আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
কায়িক ভাবে আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
কায়িক ভাবে আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। বৃহস্পতিবাৰে সম্পন্ন হ’ল প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য। কায়িকভাবে আমাৰ মাজৰ পৰা আঁতৰি গ’লেও প্ৰতিজন অসমীয়াৰ অন্তৰত সদায়েই সজীৱ হৈ থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে কৰা প্ৰতিটো কাম।
বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক অজস্ৰ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায়। আধুনীক অসমৰ ৰূপকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক গীতেৰে শেষ শ্ৰদ্ধা জনালে বিশিষ্ট কণ্ঠশিল্পী বিপিন চাউদাঙে। মুখ্যমন্ত্ৰীৰ স্মৃতিত বিপিন চাউদাঙে কণ্ঠদান কৰা ‘দুৰন্ত তৰুণ’ শীৰ্ষক গীতটো লিখিছে জনপ্ৰিয় গীতিকাৰ শোণিত গগৈয়ে। সেইদৰে সংগীত পৰিচালনা কৰিছে তৰুণ তন্ময়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|