জুবিন গাৰ্গৰ পিছত নিশাৰ আন্ধাৰত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে CAA বিৰোধী প্ৰতিবাদী শিল্পী বিপিন চাউদাঙে!

News18 Assam | News18-Assam
Updated:July 31, 2020, 10:16 AM IST
জুবিন গাৰ্গৰ পিছত নিশাৰ আন্ধাৰত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে CAA বিৰোধী প্ৰতিবাদী শিল্পী বিপিন চাউদাঙে!

  • Share this:
মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী বিপিন চাউদাঙে। নিশা ১১ বজাত মাজুলীৰ গড়মূৰত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে বিপিন চাউদাঙে। জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক লগ ধৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্ক মাৰ নৌযাওতেই এইবাৰ মৰাণৰ পৰা আহি মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰিলে শিল্পীগৰাকীয়ে।

কিন্তু সাংবাদিকৰ প্ৰশ্নত বিপিন চাউদাঙে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে বিজেপি বিধায়ক বিমল বৰাকহে লগ ধৰিবলৈ আহিছিল বুলি উল্লেখ কৰে। পুত্ৰই অধ্যয়ন কৰা বিদ্যালয়খনৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আহিছিল বুলি জনায়। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী মাজুলীত থকাৰ সময়তে নিশাৰ আন্ধাৰত শিল্পীগৰাকীয়ে বিধায়ক বিমল বৰাক পুত্ৰই অধ্যয়ন কৰা বিদ্যালয়ৰ সন্দৰ্ভত আলোচনা কৰাৰ কথাটো এতিয়া সহজ ভাবে ল’ব পৰা নাই একাংশ।



উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ চলি থকাৰ সময়ত যথেষ্ট সক্ৰিয় দেখা গৈছিল চাউদাঙক। সেইসময়ত চৰকাৰে শিল্পীসকলক যথেষ্ট প্ৰলোভন দিয়াৰ চেষ্টা কৰিছিল বুলিও উল্লেখ কৰিছিল। আৰু বৃহস্পতিবাৰে নিশাৰ আন্ধাৰৰ মাজত শিল্পী বিপিন চাউদাঙে বিপল বৰাক সাক্ষাত্‍ কৰাৰ নামত মুখ্যমন্ত্ৰী থকা ভৱনত উপস্থিত হোৱাৰ বিষয়টোৱে এতিয়া বিশেষ তাত্‍পৰ্যবহন কৰিছে।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 10:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading