உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গৰু বিহুদিনালৈকে গীত গাই থকা ভিতালী এতিয়া অন্তিম শয়নত...শোকত ভাগি পৰিল জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, সুবাসনা দত্তৰ লগতে বহু তাৰকা

    গৰু বিহুদিনালৈকে গীত গাই থকা ভিতালী এতিয়া অন্তিম শয়নত...শোকত ভাগি পৰিল জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, সুবাসনা দত্তৰ লগতে বহু তাৰকা

    ভিতালী দাসৰ মৃত্যুত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ভিতালী দাসৰ মৃত্যুত।

    ভিতালী দাসৰ মৃত্যুত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ভিতালী দাসৰ মৃত্যুত।

    ভিতালী দাসৰ মৃত্যুত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ভিতালী দাসৰ মৃত্যুত।

    • Share this:
    বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসে। ভিতালী দাসৰ মৃত্যুক এতিয়া সহজ ভাবে মানি ল'ব পৰা নাই কোনেও। গৰু বিহুৰ দিনালৈকে মঞ্চত গীত পৰিবেশন কৰি থকা ভিতালী দাস এতিয়া অন্তিম শয়নত। যোৱা ১৪ এপ্ৰিলত অসুস্থ হৈ পৰা ভিতালী দাসে বুধবাৰে কালাপাহাৰস্থিত কোভিড হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

    ভিতালী দাসৰ মৃত্যুত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ভিতালী দাসৰ মৃত্যুত। জনপ্ৰিয় বিহুগীতৰ কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ খবৰে আচৰিত কৰি তোলে জুবিন গাৰ্গক। শোকত ভাগি পৰা জুবিন গাৰ্গে ভিতালী দাসৰ সৈতে থকা পুৰণি স্মৃতিও ৰোমন্থন কৰে।

    আনহাতে ভিতালী দাসৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ লগে লগে কান্দোনত ভাগি পৰে প্ৰিয়ংকা ভৰালী, সুবাসনা দত্ত,  নিৰ্মালী দাসৰ আদিৰ দৰে তাৰকা শিল্পী। প্ৰতিগৰাকীয়ে শিল্পীয়েই ভিতালী দাসৰ সৈতে জড়িত থকা নানা স্মৃতি, একেলগে পাৰ কৰা বিভিন্ন সময় মনত পেলাই আবেগিক হৈ পৰে।

    ৯০ দশকৰ শেষৰ ফালে আৰু ২০০০ চনৰ প্ৰথম ভাগত অসমত পৰম্পৰাগত গীতৰ এক জয়জয় ময়ময় পৰিবেশ আছিল। মাঘৰ বিহুৰ সময়ত প্ৰায় ৫০, ১০০ খন বিহুগীতৰ দৃশ্য শ্ৰব্য কেচেট বজাৰলৈ আহিছিল। আৰু বেছিভাগেই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। সেইসময়ত প্ৰায় প্ৰতিখন বিহুসুৰীয়া গীতৰ কেছেটত কণ্ঠ নিগৰোৱা মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আছিল ভিতালী দাস। জুবিন গাৰ্গৰ লগতেই প্ৰায় ৩০০০ গীতত কণ্ঠদান কৰিছে ভিতালীয়ে। কেৱল জুবিন গাৰ্গেই নহয়, সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা কৃষ্ণমণি নাথ, অনুপম শইকীয়া, মৌচুম গগৈ, কৃষ্ণমণি চুতীয়াৰ সৈতেও বহু জনপ্ৰিয় গীত উপহাৰ দি থৈ গৈছে ভিতালীয়ে।

    ভিতালী দাসৰ মৃত্যু এতিয়া মানি লব পৰা নাই কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, অনুপম শইকীয়াৰ দৰে শিল্পীয়েও।  কোৰোণা পৰিস্থিতিৰ বাবে অন্তিম সময়ত যদিও কাষত থাকিব পৰা নাই, তথাপিও ছচিয়েল মিডিয়াৰ জৰিয়তেই গভীৰ শোক প্ৰকাশ কৰিছ সকলোৱে।
    Published by:Himangshu Bhuyan
    First published: