মুখ্যপৃষ্ঠা »খবৰ »অসম »জুবিনৰ অনুৰাগীয়ে অস্ত্ৰ লৈ নিৰীহক হত্যা কৰা নাই, পৰেশ বৰুৱাক প্ৰত্যুত্তৰ বৰ্ণালী কলিতাৰ

জুবিনৰ অনুৰাগীয়ে অস্ত্ৰ লৈ নিৰীহক হত্যা কৰা নাই, পৰেশ বৰুৱাক প্ৰত্যুত্তৰ বৰ্ণালী কলিতাৰ

কণ্ঠশিল্পী বৰ্ণালী কলিয়াই ছচিয়েল মিডিয়াত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাই লিখিছে এখন পত্ৰ।

কণ্ঠশিল্পী বৰ্ণালী কলিয়াই ছচিয়েল মিডিয়াত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাই লিখিছে এখন পত্ৰ।

  • Share this:
    হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ সংবাদ মাধ্যমত পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ এতিয়া ছচিয়েল মিডিয়াত সৰৱ চৰ্চা। বহুজনে জুবিন গাৰ্গক সমৰ্থন কৰি পৰেশ বৰুৱাৰ মন্তব্যৰ বিৰোধিতা কৰিছে। শেহতীয়াকৈ কণ্ঠশিল্পী বৰ্ণালী কলিতাই ছচিয়েল মিডিয়াত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাই লিখিছে এখন পত্ৰ।

    পত্ৰখনত বৰ্ণালী কলিতাই লিখিছে – জুবিন গাৰ্গ এগৰাকী শিল্পী। এগৰাকী শিল্পীয়ে শিল্পৰ সৈতে জড়িত সকলো কাম নিপুণভাৱে কৰিব পাৰে। জুবিন গাৰ্গে সকলো বাদ্যযন্ত্ৰ বাদনৰ ক্ষেত্ৰত দক্ষতাৰ পৰিচয় দি আহিছে। জুবিন গাৰ্গে অস্ত্ৰ চলাব পাৰিব বুলিও মই ভাৱো। অস্ত্ৰ এৰি বাদ্যযন্ত্ৰত ধৰিবলৈ মই আপোনাক অহ্বান জনাইছো। প্ৰয়োজন হ’লে আপোনাৰ সুৰক্ষাৰ বাবে মই আৰু জুবিন গাৰ্গে অস্ত্ৰ ধৰিম।’

    জুবিনৰ কেইজন অনুৰাগীয়ে নাঙল ধৰিছে বুলি পৰেশ বৰুৱাই কৰা প্ৰশ্নৰ উত্তৰত বৰ্ণালীয়ে লিখিছে – জুবিন গাৰ্গৰ লগতে ময়ো কৃষি বিপ্লৱ বিচাৰো। জুবিন গাৰ্গৰ অনুৰাগীয়ে নাঙল ধৰিছে নে নাই মই নাজানো। কিন্তু জুবিন গাৰ্গৰ অনুৰাগীয়ে হাতত অস্ত্ৰ লৈ নিৰীহক হত্যা কৰা নাই। আপোনাৰ অনুৰাগীয়েহে নিৰীহ ব্যক্তিক হত্যা কৰি অসমক ৰক্তাক্ত কৰিছে।

    ‘জুবিন গাৰ্গৰ লগতে ময়ো বহু দুখীয়া আৰু বিশেষভাৱে সক্ষম মেধাৱী শিক্ষৰ্থীক উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিছো। আৰ্থিকভাবে দুৰ্বল বহু পৰিয়ালে সন্মুখীন হোৱা বিভিন্ন সমস্যা দূৰীকৰণৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছো। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্ভোগ ভোগাসকলৰ কাষত থিয় হৈছো। সাধ্যানুসাৰে সহায় কৰি আহিছো। আপুনি আনক সহায় কৰিছেনে?’ – পত্ৰযোগে পৰেশ বৰুৱাক প্ৰশ্ন বৰ্ণালী কলিতাৰ।

    পত্ৰখনত বৰ্ণালীয়ে পৰেশ বৰুৱাক উদ্দেশ্যি উল্লেখ কৰে – ‘আপুনি স্বাধীন অসম বিচাৰি সংগ্ৰাম(?) কৰি আছে। অসমত বসবাস কৰাসকলে কি বিচাৰে আপুনি জানিবলৈ কেতিয়াবা ইচ্ছা কৰিছেনে? স্বাধীন অসমেৰে আপুনি কি কৰিব জানিবলৈ মন যায়। আপোনালোকৰ ইচ্ছাত বহু মানুহৰ জীৱন বন্তি অকালতে নিৰ্বাপিত হ’ল। অসমৰ শান্তি বিঘ্নিত হৈছে। বিনিয়োগকাৰীসকল অসমলৈ নহা হ’ল। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই বিষয়ে আপুনি কিবা পদক্ষেপ গ্ৰহণৰ কথা ভাবিছে নেকি? একালত আপুনি ভাল খেলুৱৈ আছিল। হিমা দাসে সাফল্যৰ বাবে সংগ্ৰাম কৰি থকা সময়ত আপুনি কিয় সহায় কৰিব
    নোৱাৰিলে?’

    শেষত বৰ্ণালীয়ে পৰেশ বৰুৱালৈ লিখিছে – ‘বৃহৎ অসমীয়া জাতিৰ স্বাৰ্থত অসমলৈ আহক। আনৰ মাটিত খোপনি পুতি অসমৰ কথা ভাবিবলৈ এৰক। সোণৰ অসমৰ বাবে আমি একেলগে সংগ্ৰাম কৰো আহক। জ্যোতি-বিষ্ণুৰ আদৰ্শৰে, শিল্পীসুলভ মনোভাৱেৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে কৰা অহিংস সংগ্ৰামত আমি শিল্পীসকলে আপোনাক সহায় কৰিম - গানেৰে, প্ৰাণেৰে।’

    শেহতীয়া বাতৰি