অহা ২৫ আগষ্টত ৰাজীৱ ভৱনত কা বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছত যোগদান কৰিব।
অহা ২৫ আগষ্টত ৰাজীৱ ভৱনত কা বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছত যোগদান কৰিব।
পেডেল মাৰি মাৰি জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই এইবাৰ ৰাইজৰ পদূলিলৈ যাব ভোট বিচাৰি । CAA বিৰোধিতাৰে ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰিব বিচাৰে বাবু বৰুৱাই। মহানগৰীৰ আজাৰাৰ বাবু বৰুৱাক এইবাৰ কংগ্ৰেছ দলত যোগদান দিয়াৰ বাবে উঠি পৰি লাগিছে অসম প্ৰদেশ কংগ্ৰেছে। অহা ২৫ আগষ্টত ৰাজীৱ ভৱনত কা বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা কণ্ঠশিল্পী বাবু বৰুৱাই কংগ্ৰেছত যোগদান কৰিব।
ইতিমধ্যে কংগ্ৰেছে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা বাবু বৰুৱাক সমাগত বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব বুলি আশ্বাস দিছে। সেয়েহে এইবাৰ বাবু বৰুৱাই ৰাইজৰ পদূলিয়ে পদূলিয়ে যাব ভোট বিচাৰি। বাবু বৰুৱাই আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনী যুজঁৰ বাবে প্ৰস্তুত। ‘কা’ৰ বিৰোধিতা কৰা অনুপম শইকীয়া, অজয় ফুকন আদিকে ধৰি বহু শিল্পীসহ বাবু বৰুৱাই ২৫ আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|