உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জনপ্ৰতিনিধি হোৱাৰ হেঁপাহ আৰোহণ বৰদলৈৰ, নগাঁৱৰ পৰা বিচাৰিব টিকট!

    জনপ্ৰতিনিধি হোৱাৰ হেঁপাহ আৰোহণ বৰদলৈৰ, নগাঁৱৰ পৰা বিচাৰিব টিকট!

    পূৰ্বে শিল্পী সমাজত থাকি কৰিব নোৱাৰা কাম কৰাৰ ইচ্ছা ৰাজনীতিৰ জৰিয়তে৷

    পূৰ্বে শিল্পী সমাজত থাকি কৰিব নোৱাৰা কাম কৰাৰ ইচ্ছা ৰাজনীতিৰ জৰিয়তে৷

    পূৰ্বে শিল্পী সমাজত থাকি কৰিব নোৱাৰা কাম কৰাৰ ইচ্ছা ৰাজনীতিৰ জৰিয়তে৷

    • Share this:
    ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী৷ তেনে সময়তে ৰাজনৈতিক দলত যোগদান কৰাৰ উঠিছে ধুম৷ বাদ নপৰিল ৰাজ্যৰ শিল্পী সমাজ৷ মঙলবাৰৰ দিনটোত দেখা গ’ল ৰাজনীতিৰ পথাৰত বহু শিল্পীৰ আগমন৷ কি কংগ্ৰেছ, কি বিজেপি৷ শাসক–বিৰোধী দললৈ আগমন ঘটিল বহুকেইগৰাকী শিল্পীৰ৷ ইয়াৰ ভিতৰত গেৰুৱা বসন পিন্ধিলে অভিনেতা প্ৰাণজিৎ দাস, বাঁহীবাদক দীপক শৰ্মা, ৰেবা ফুকন, সীমান্ত শেখৰ, প্ৰাঞ্জনা দত্ত, পংকজ ইংতি, বিৰিণা পাঠক, জয় চক্ৰবৰ্তী, ড্ৰিমলী গগৈ, পল ফুকন, কবিন্দ দাস, পল্লৱ পৱন বৰা, সুদীপ্ত ভৰদ্বাজ, আৰোহণ বৰদলৈ, বিজয় কাশ্যপ, প্ৰসন্ন বৰা, ঋতিকা হাজৰিকা, কিশোৰ দাস, সিধান্ত কলিতা, ধূপ কাশ্যপ, জয়শ্ৰী গোস্বমী, প্ৰতিমা দেবী, বৈকুণ্ঠ পাঠক, ঋশভ শৰ্মা, অংকুৰাণী শৰ্মা, নীৰৱ মন শৰ্মা, প্ৰিয়ংকা কলিতা, বিকি শৰ্মা, দীনেশ বিষয়াই ৷

    নতুনকৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া কণ্ঠ শিল্পী আৰোহণ বৰদলৈৰ মন জনপ্ৰতিনিধি হোৱা৷ নগাঁও বিধানসভা সমষ্টিৰ পৰা বিচাৰিব টিকট৷ পূৰ্বে শিল্পী সমাজত থাকি কৰিব নোৱাৰা কাম কৰাৰ ইচ্ছা ৰাজনীতিৰ জৰিয়তে৷ একেই ইচ্ছা জয়শ্ৰী গোস্বমীৰো৷ বিগত সময়ছোৱাত মহিলাৰ হকে কাম কৰি অহা বুলি দাবী কৰা গোস্বামীৰ জনপ্ৰতিনিধি হোৱাৰ মন৷ বিধানসভাৰ মজিয়াত পুৰুষৰ সমানে প্ৰয়োজন মহিলাৰ আসন৷ সেয়ে মহিলাসকলক সক্ৰিয় ৰাজনীতিলৈ অহাৰ অহাৰ আহ্বান৷ বিপৰীতে বাঁহীবাদক দীপক শৰ্মা, কণ্ঠশিল্পী সীমান্ত শেখৰৰ দলৰ হকে কাম কৰাৰ ইচ্ছা৷ কোনো সমষ্টিৰ প্ৰতি লালসা নাই, অৱশ্যে দলে বিচাৰিলে নিজৰ দায়িত্ব পালন কৰি যাম বুলি কয় দুই শিল্পীয়ে৷
    Published by:Sanjay Kumar Das
    First published: