Happy Birthday Papon : আজি পাপনৰ জন্মদিন, অনুৰাগীয়ে শুভেচ্ছাৰে ওপচালে আপোন শিল্পীজনক

৪৫ বছৰীয়া হ’ল মৰমৰ শিল্পীজন। জন্মদিনত অনুৰাগীসকলে শুভেচ্ছাৰে ওপচালে পাপনক।
৪৫ বছৰীয়া হ’ল মৰমৰ শিল্পীজন। জন্মদিনত অনুৰাগীসকলে শুভেচ্ছাৰে ওপচালে পাপনক।
- News18 Assam
- Last Updated: November 24, 2020, 2:40 PM IST
জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
যাৰ কণ্ঠই সন্মোহিত কৰে অজস্ৰজনক। যাৰ গীত শুনি জুৰ পৰে অশান্ত হৃদয়। যাৰ যাদুকৰী কণ্ঠই মন্ত্ৰমুগ্ধ কৰে শ্ৰোতা–দৰ্শকক। যাৰ গীতত বিচাৰি পোৱা যায় নিজকে। যিয়ে অসমীয়া লোক সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। সেইজনেই অসমবাসীৰ অতি মৰমৰ শিল্পী পাপন।
আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন। ৪৫ বছৰীয়া হ’ল মৰমৰ শিল্পীজন। জন্মদিনত অনুৰাগীসকলে শুভেচ্ছাৰে ওপচালে পাপনক। জন্মদিনত শুভেচ্ছা জনোৱা সকলোকে টুইটাৰযোগে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
পাপনে লিখিলে – ‘‘জন্মদিনৰ অনেক শুভেচ্ছাত সাৰ পালো যাৰ উত্তৰ প্ৰতিজনকে দিয়া সম্ভৱ নহ’ব। মোক মৰম আৰু আশীৰ্বাদ কৰা সকলোলৈ ধন্যবাদ। মই কৃতজ্ঞ আৰু অতি আনন্দিত।
Woke up to so many birthday wishes that I couldn’t possible reply to all. Thank you all for all the love and blessings you have sent to me. Grateful and happy ❤️🙏🏼
— papon angaraag (@paponmusic) November 24, 2020
পাপন অসমতে নহয়, পাপন এতিয়া সমানে জনপ্ৰিয় বলীউদতো। বহুকেইখন বলীউদৰ ছবিৰ গীতত কণ্ঠদান কৰি পাপন এতিয়া বলীউদৰ আগশাৰীৰ কণ্ঠশিল্পীসকলৰ মাজৰ এজন। সেয়ে পাপনৰ ওপজা দিনত শুভেচ্ছা জনালে ৰাষ্ট্রীয় পৰ্যায়ৰ বহু প্ৰতিষ্ঠানেও। যশৰাজ ফিল্মছ, গানা, হাংগামা ডট কম আদিৰ দৰে প্ৰতিষ্ঠানেও পাপনক জনালে ওপজা দিনৰ শুভকামনা।
Thank you YRF 🙏🏼❤️ https://t.co/y2STyu1XgD
— papon angaraag (@paponmusic) November 24, 2020
Thank you @gaana 🙏🏼❤️ https://t.co/1RAK1mSBWs
— papon angaraag (@paponmusic) November 24, 2020
Thank you @TimesMusicHub ❤️ https://t.co/Hmj8S8wIOO
— papon angaraag (@paponmusic) November 24, 2020
News18ৰ ফালৰ পৰাও পাপনলৈ থাকিল ওপজা দিনৰ অলেখ শুভকামনা।