এতিয়া নিৰ্বাচনৰ বতাহ যেন ভালকৈয়ে লাগিছে ৰাজ্যৰ একাংশ 'শিল্পী'ৰ গাত। ৰাজনৈতিক দলত যোগদানৰ এক যেন অঘোষিত প্ৰতিযোগিতাতহে অৱতীৰ্ণ হৈছে একাংশ গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী। মঙলবাৰে কংগ্ৰেছত যোগদান কৰিলে কণ্ঠশিল্পী বাবু বৰুৱা, নেকিব, সংগীত পৰিচালক অজয় ফুকনৰ লগতে ভালেসংখ্যক সাংস্কৃতিক কৰ্মীয়ে। সেইদৰে বিজেপিত যোগদান কৰিলে সীমান্ত শেখৰ, পল ফুকন, ৰেবা ফুকনৰ দলে অভিনেতা, অভিনেত্ৰী, গায়ক-গায়িকাই।
দুদিন পূৰ্বলৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথত তাল-ফাল লগাই থকা শিল্পীৰ বিজেপিত যোগদান আৰু বিদেশী বহিষ্কাৰ কৰিবলৈ একাংশ শিল্পীৰ কংগ্ৰেছত যোগদান এতিয়া মানি ল’ব পৰা নাই বহুতে। বহুতে এই সকল শিল্পীয়ে প্ৰকৃত শিল্পী বা শিল্প কৰ্মৰ যি গৰিমা সেয়া লাঘৱ কৰিলে বুলিও মত ব্যক্ত কৰিছে।
একাংশ শিল্পীৰ এনে মানসিকতাক এতিয়া ধিক্কাৰ দিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। সাংস্কৃতিক কৰ্মীৰ এনে কৰ্মকাণ্ড দেখি নিজেই লজ্জিত বুলি ছচিয়েল মিডিয়াৰ জৰিয়তে পোষ্ট শ্বেয়াৰ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘চূড়ান্ত লাজ পাইছো আজিৰ দিনটোত। আচলতে খং ,লাজ, দুখ সকলো।মেৰুদণ্ড পোন হৈ থাকিলে ভাল।’
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 26, 2020, 21:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|