কাজিৰঙাৰ বান বিধ্বস্ত ৰাইজৰ কাষত জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰ, বিতৰণ কৰিলে সাহায্য 

News18-Assam
Updated:August 2, 2020, 4:36 PM IST
কাজিৰঙাৰ বান বিধ্বস্ত ৰাইজৰ কাষত জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰ, বিতৰণ কৰিলে সাহায্য 
ধনশিৰি চাইক্লিং ক্লাৱৰ উদ্যোগত কাজিৰঙাৰ গোঁসানীবৰ গাঁৱৰ বানপিড়িত লোক সকলক বান সাহায্য বিতৰণ কৰে কণ্ঠশিল্পগৰাকীয়ে৷

ধনশিৰি চাইক্লিং ক্লাৱৰ উদ্যোগত কাজিৰঙাৰ গোঁসানীবৰ গাঁৱৰ বানপিড়িত লোক সকলক বান সাহায্য বিতৰণ কৰে কণ্ঠশিল্পগৰাকীয়ে৷

  • Share this:
কাজিৰঙাত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বান সাহায্য বিতৰণ ৷ ধনশিৰি চাইক্লিং ক্লাৱৰ উদ্যোগত কাজিৰঙাৰ গোঁসানীবৰ গাঁৱৰ বানপিড়িত লোক সকলক বান সাহায্য বিতৰণ কৰে কণ্ঠশিল্পগৰাকীয়ে৷

ল’ক ডাউনৰ সময়ত জিম বা আন ব্যায়ামাগাৰ বন্ধ হৈ থকাত শৰীৰ চৰ্চাৰ বিকল্প হিচাপে চাইকেল চলোৱাৰ সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে ধনশিৰি চাইক্লিং ক্লাৱে। তাৰ মাজতে বানে জুৰুলা কৰা একাংশ বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণৰো  কাৰ্যসূচী গ্ৰহণ কৰি চাইক্লিং ক্লাৱৰ সদস্য সকলে। দেওবাৰে বান সাহায্য বিতৰণৰ বাবে কাজিৰঙাৰ গোঁসানীবৰত উপস্থিত হয় শিল্পী আচুৰ্য বৰপাত্ৰ আৰু ক্লাৱৰ সদস্যসকল ৷



গোঁসানীবৰৰ বানাক্ৰান্ত লোক সকলক শিল্পী আচুৰ্যৰ লগতে ক্লাৱৰ সদস্য সকলে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কিতাপ-বহী, কলম-পেঞ্চিল আদি বিতৰণ কৰে। গোঁসানীবৰ গাঁৱলৈ অহা পথৰ দুৰৱস্থা দেখি শিল্পীগৰাকীয়ে চৰকাৰক ৰাজ্যৰ গ্ৰাম্য পথ সমূহৰ উন্নয়নৰ বাবে আহ্বান জনায়। প্ৰতিবছৰে বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰা ৰাইজক সকাহ দিবলৈ বান সমস্যাৰ এক স্থায়ী সামাধানৰ বাবেও চৰকাৰক আহ্বান জনাই শিল্পী আচুৰ্য বৰপাত্ৰই ৷

কাজিৰঙাৰ পৰা বিতোপন বৰাৰ প্ৰতিবেদন
Published by: Himangshu Bhuyan
First published: August 2, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading