‘বিজেপিৰ হৈ গীত গাই মই জীৱনত ডাঙৰ ভুল কৰিলো’

News18 Assam | News18-Assam
Updated:December 12, 2019, 8:00 PM IST
‘বিজেপিৰ হৈ গীত গাই মই জীৱনত ডাঙৰ ভুল কৰিলো’
ৰাইজৰ আবেগ অনুভূতি নুবুজাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কণ্ঠশিল্পী সীমান্ত শেখৰে

ৰাইজৰ আবেগ অনুভূতি নুবুজাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কণ্ঠশিল্পী সীমান্ত শেখৰে

  • Share this:
ৰাজ্যত চলি আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ শিল্পীসমাজ। বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ গীত গীই এতিয়া অনুতপ্ত কণ্ঠশিল্পী সীমান্ত শেখৰ। ছচিয়েল মিডিয়াত এই কথা উল্লেখ কৰে সীমান্ত শেখৰে।



সীমান্তই কয় যে,‘ ৰাইজৰ আবেগ অনুভূতি নুবুজে এই খন চৰকাৰে। কোনো কাৰণতে কেব নামানো। মই ৰাইজৰ লগত আছো। কোনো দিন আৰু ৰাজনৈতিক দলৰ কাৰণে গীত নাগাও।
আৰু চাওক
পৰৱৰ্তী বাতৰি