সীমান্ত শেখৰৰ স্পষ্টীকৰণ, ‘উচতনি মূলক মন্তব্য মই দিয়া নাই, মোৰ মেনেজাৰ জনে ভুলবশতঃ দিছিল!’

কণ্ঠশিল্পীগৰাকীয়ে কোৱা মতে, সেই কমেণ্টতো তেওঁ দিয়া নাছিল, মেনেজাৰগৰাকীয়ে দিছিল

News18-Assam
Updated:September 2, 2019, 6:54 PM IST
সীমান্ত শেখৰৰ স্পষ্টীকৰণ, ‘উচতনি মূলক মন্তব্য মই দিয়া নাই, মোৰ মেনেজাৰ জনে ভুলবশতঃ দিছিল!’
কণ্ঠশিল্পীগৰাকীয়ে কোৱা মতে, সেই কমেণ্টতো তেওঁ দিয়া নাছিল, মেনেজাৰগৰাকীয়ে দিছিল
News18-Assam
Updated: September 2, 2019, 6:54 PM IST
টীয়ক চাহ বাগিচাৰ উন্মাদ চাহ শ্ৰমিকে চিকিত্‍সক দেৱেন দত্তক অতি নৃশংস ভাবে হত্যা কৰা ঘটনা সন্দৰ্ভত NEWS18 ৰ ছচিয়েল মিডিয়া চাইটত প্ৰকাশ পোৱা বাতৰিত জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ ফেচবুক পেজৰ পৰা এক উচতনি মূলক মন্তব্য কৰা হৈছিল। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কৰা কমেণ্টৰ পিছতে ছচিয়েল মিডিয়াত চলিছিল ব্যাপক চৰ্চা। তেনে ধৰণৰ মন্তব্য কৰাৰ বাবে বিভিন্নজনে সমালোচনা কৰিছিল সীমান্ত শেখৰক।

কিন্তু এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিছে কণ্ঠশিল্পীগৰাকীয়ে। কণ্ঠশিল্পীগৰাকীয়ে কোৱা মতে, সেই কমেণ্টতো তেওঁ দিয়া নাছিল। সীমান্তই নিজে নচলাই নিজৰ ফেচবুক পেজ। কৌস্তভ কাণু বৰা নামৰ সীমান্তৰ মেনেজাৰগৰাকীয়ে হেণ্ডল কৰে তেখেতৰ ফেচবুক পেজ।



আজি ভুলবশতঃ মেনেজাৰ জনে  সীমান্তৰ পেজৰ পৰা দিয়ে উচতনি মূলক কমেণ্টতো। উল্লেখ যোগ্য যে, ছচিয়েল মিডিয়াত ভুলৰ বাবে ইতিমধ্যে মেনেজাৰগৰাকীক কামৰ পৰা অব্যাহতি দিছে সীমান্ত শেখৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি