মুখ্যপৃষ্ঠা »খবৰ »অসম »Silchar: শিলচৰ সদৰ আৰক্ষী থানাত অঘটন! থানাতে নিজৰ মূৰত গুলীয়ালে আৰক্ষীয়ে, চাঞ্চল্য

Silchar: শিলচৰ সদৰ আৰক্ষী থানাত অঘটন! থানাতে নিজৰ মূৰত গুলীয়ালে আৰক্ষীয়ে, চাঞ্চল্য

আৰক্ষী উপপৰিদৰ্শক গৌৰ বিধুৰ ঘৰ উধৰবন্দৰ মায়নাৰবন্দত।

আৰক্ষী উপপৰিদৰ্শক গৌৰ বিধুৰ ঘৰ উধৰবন্দৰ মায়নাৰবন্দত।

  • Share this:
দুপৰীয়া শিলচৰ (silchar) সদৰ আৰক্ষী চকীত অঘটন। এগৰাকী আৰক্ষী সহঃ উপ–পৰিদৰ্শকে আৰক্ষী থানাতে মূৰত গুলীয়াই মৃত্যুমুখত পৰে। এই শোকাৱহ ঘটনাৰ পিছত সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, আজি প্ৰায় ৩ বজাত আৰক্ষী সহঃ উপ–পৰিদৰ্শক গৌৰ বিধু সিঙে নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে কপালৰ সন্মুখভাগত গুলীচালনা কৰে (Police Suicide)।

হটাতে ঘটা এই ঘটনাত আৰক্ষী কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। জিলাখনৰ এছপিয়ে ঘটনাটোৰ বিষয়ে জানি লগেলগে ঘটনাস্থলীত উপস্থিত হয়। পিছত তেওঁৰ মৃতদেহ আৰক্ষী থানাৰ পৰা বাহিৰলৈ লৈ যোৱা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।

আৰক্ষী উপপৰিদৰ্শক গৌৰ বিধুৰ ঘৰ উধৰবন্দৰ মায়নাৰবন্দত। তেওঁ এএছআইৰ পদত কেইবা বছৰ ধৰি শিলচৰ সদৰ আৰক্ষী থানাত কাম কৰি আছিল। পত্নীৰ সৈতে দুটা পুত্ৰ আৰু এজনী ছোৱালী এৰি থৈ যোৱা আৰক্ষীগৰাকীৰ এয়া আত্মহত্যা নে আন কিবা সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

শেহতীয়া বাতৰি