• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰেমিকে বিয়া কৰাবলৈ কৰিছিল আপত্তি! উপায়হীন হৈ প্ৰেমিকৰ ফটো বুকুত সাৱটি জীৱন শেষ কৰিলে প্ৰেমিকাই

প্ৰেমিকে বিয়া কৰাবলৈ কৰিছিল আপত্তি! উপায়হীন হৈ প্ৰেমিকৰ ফটো বুকুত সাৱটি জীৱন শেষ কৰিলে প্ৰেমিকাই

শিলচৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

শিলচৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

শিলচৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

  • Share this:
মৰ্মান্তিক! প্ৰেমিকৰ ফটো বুকুত সাৱটি জীৱন শেষ কৰিলে এগৰাকী যুৱতীয়ে। শিলচৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।  প্ৰেমিকে বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এই চৰম সিদ্ধান্ত বাছি ল'লে যুৱতীগৰাকীয়ে। লগতে যুৱতীগৰাকীয়ে লিখি থৈ গৈছে এখন ছুইচাইড নোট। যুৱতীগৰাকী নাম লিপি বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি, লিপিৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্কত আছিল ধ্ৰুৱজ্যোতি নাথ নামৰ এজন যুৱক।  দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অন্তঃসত্ত্বা হৈছিল লিপি। কিন্তু লিপি অন্তঃ সত্ত্বা হোৱাৰ পিছতে ধ্ৰুৱজ্যোতিয়ে ভয়-ভাবুকি প্ৰদান কৰি লিপিক গৰ্ভপাত কৰিবলৈ বাধ্য কৰায়। আৰু লিপিৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে।বাৰে বাৰে প্ৰত্যাখান কৰে লিপিৰ বিবাহৰ প্ৰস্তাৱ। আৰু শেষত লিপিৰ সৈতে সম্পৰ্ক শেষ কৰি আঁতৰি যায় প্ৰবঞ্চক ধ্ৰুজ্যোতি।

ইয়াৰ পিছতে লিপিৰ পৰিয়ালে ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে। বহু চেষ্টা কৰাৰ পিছতো ধ্ৰুৱজ্যোতিৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিবলৈ সক্ষম নোহোৱা লিপি মানসিক ভাবে ভাগি পৰে। আৰু অৱশেষত প্ৰেমিক ধ্ৰুবজ্যোতিৰ ফটো বুকুত সাৱটি নিজৰ জীৱন শেষ কৰে লিপিয়ে।
Published by:Himangshu Bhuyan
First published: