কোৰোণা পজিটিভ নে নিগেটিভ? পূজা মণ্ডপৰ পৰাই এম্বুলেন্সত উঠাই লৈ গ’ল পুৰোহিতক

News18 Assam | News18-Assam
Updated:October 23, 2020, 2:42 PM IST
কোৰোণা পজিটিভ নে নিগেটিভ? পূজা মণ্ডপৰ পৰাই এম্বুলেন্সত উঠাই লৈ গ’ল পুৰোহিতক
এইবাৰ আগৰ দৰে নাই দুৰ্গা পূজাৰ উচাহ। যদিও কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও এইবাৰ বহু নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা।

এইবাৰ আগৰ দৰে নাই দুৰ্গা পূজাৰ উচাহ। যদিও কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও এইবাৰ বহু নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা।

  • Share this:
এইবাৰ আগৰ দৰে নাই দুৰ্গা পূজাৰ উচাহ। যদিও কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও এইবাৰ বহু নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। এইবাৰ দুৰ্গা পূজাৰ পুৰোহিতে কোৰোণা পৰীক্ষা কৰোৱাটো বাধ্যতামূলক। তাৰ মাজতে ধেমাজিৰ চিমেন চাপৰিৰ এখন পূজা মণ্ডপত হঠাত্‍ লাগিল হাহাকাৰ।

দুৰ্গা পূজাৰ মণ্ডপৰ পৰাই এগৰাকী পুৰোহিতক এম্বুলেন্সৰ সহায়ত লৈ যোৱা হ’ল হাস্পতাললৈ। বৃহস্পতিবাৰ পৰা চিমেন চাপৰিত আৰম্ভ হৈছে ৪৩ সংখ্যক সাৰ্বজনীন দুৰ্গা পূজা। ষষ্ঠীৰ পূজা পাতলৰ বাবে মণ্ডপত আছিল নাৰায়ণ চক্ৰৱৰ্তী নামৰ এগৰাকী পুৰোহিত।

পূজাৰ মাংগলিক কাম-কাজত নিয়োজিকত হোৱাৰ পূৰ্বে নাৰায়ণ চক্ৰৱৰ্তীৰ কোৰোণা পৰীক্ষা কৰোৱা হৈছিল। কিন্তু ফলাফল তেতিয়ালৈকে লাভ কৰা নাছিল। পিছত অঞ্চলটোৰ ডেকাপাম স্বাস্থ্য কেন্দ্ৰত পুণৰ এণ্টিজেন টেষ্ট কৰা হয় পুৰোহিতজনক। আৰু ৰিপৰ্ট নিগেটিভ আহে। ইমানলৈকে সকলো ঠিকেই আছিল, ইয়াৰ পিছতহে লাগিল অথন্তৰ!

বৈদিক ৰীতি-নীতিৰে পূজাৰ কাম আগবঢ়াই নিছিল পুৰোহিতজনে। মনত নাছিল কোনো ধৰণৰ কোৰোণাৰ ভয়। কিন্তু সেই সময়তে হঠাত্‍ এখন ১০৮ এম্বুলেঞ্চ আহি পুৰোহিতজনক কোৰোণা পজিটিভ হোৱা বুলি কৈ চিকিত্‍সালয়লৈ লৈ যায়। লগে লগে হাহাকাৰ লাগে ভক্তৰ মাজত।

আনকি অন্য এজন পুৰোহিত ক’ত পোৱা যাব বুলিও চিন্তাত পৰে আয়োজক কমিটী। অবশেষত বহু বিচাৰ খোচাৰৰ অন্তত চিলাপথাৰ মাজৰবাৰীৰ পৰা দুগুণ ধন ভৰি অন্য এজন পুৰোহিত আনি  এতিয়া চলাইছে পূজাৰ কাম-কাজ।
Published by: Himangshu Bhuyan
First published: October 23, 2020, 2:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading