
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে নিশা ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হয় এক ভয়ংকৰ অঘটন।
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে নিশা ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হয় এক ভয়ংকৰ অঘটন।
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে নিশা ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হয় এক ভয়ংকৰ অঘটন। বিধ্বংসী অগ্নিকাণ্ডত মুহূৰ্তৰ ভিতৰতে শেষ হৈ যায় চিলাপথাৰ কল্যাণ কেন্দ্ৰ পথৰ হেমন্ত পেগু ওৰফে এচিড পেগু নামৰ লোকজনৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাই যদিও পৰিয়ালৰ সকলো সা-সম্পত্তি সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।
চৌদিশে দীপাৱালীৰ আটচবাজীৰে ৰজনজনাই থকাৰ সময়তে হঠাৎ নিশা প্ৰায় ৭ বজাত ৰকেট বোম পৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নিমিষতে অগ্নিৰ লেলিহান শিখাই বাসগৃহটো আৱৰি ধৰাত পৰিয়ালৰ লোকসকল কোনো মতে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ঘৰৰ সকলো সম্পত্তি।পিছত প্ৰতিৱেশী, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হয়। দীপাৱলীৰ নামত যধেমধে ফটকা ফুটোৱাৰ পৰিণতিতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|