হোজাইত বিধায়ক শিলাদিত্য দেৱৰ পুনৰ বিস্ফোৰক মন্তব্য– ‘অসমত জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। জেহাদীৰ দল বাঢ়ি গৈছে। জেহাদী কাৰ্যকলাপৰ সুৰক্ষিত স্থান হিচাপে অসমক ব্যৱহাৰ কৰিছে। বাংলাদেশৰ পৰা প্ৰৱেশ কৰি অসমৰ বিভিন্ন স্থানত খোপনি পুতিছে জেহাদীয়ে। জেহাদী কাৰ্যকলাপ চলাই নিয়াৰ বাবে বিভিন্ন ইছলামিক দেশৰ পৰা অসমলৈ আহে ধন। NGOৰ মাধ্যমত আহে ধনসমূহ। হোজাইতো বহু NGO আছে যিবিলাকৰ জৰিয়তে ধন আহে। পাকিস্তান আৰু বাংলাদেশৰ পৰা কোটি কোটি টকা আহে।
আৰবী কলেজৰ অধ্যক্ষ গ্ৰেপ্তাৰ হোৱা বিষয়টো চিন্তনীয়। কলেজৰ অধ্যক্ষ এনেদৰে জড়িত হ’লে বাকী পৰিবেশ সহজেই অনুমেয়।’– আৰবী কলেজৰ অধ্যক্ষ নাকভি জামিয়া ইছলামিয়া চালাফিয়া গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভতো মন্তব্য হোজাইৰ বিধায়কজনৰ।
অসমৰ ১১খন জিলা আমাৰ হাতৰ পৰা ওলাই গৈছে তাত বাংলাদেশী মুছলমানৰ দপদপনি চলে।সেইবোৰ জিলাত প্ৰশাসন সোমাব নোৱাৰে। তৰুণ গগৈ চৰকাৰে বাংলাদেশী মুছলমানক সুৰক্ষিত ৰাখি ভোট বেংকৰ ৰাজনীতি কৰিছিল। ইছলামিক মাইণ্ড ছেট প্ৰস্তুত কৰাই হৈছে মাদ্ৰাছাসকলৰ এজেণ্ডা । জেহাদী কাৰ্যকলাপক সহযোগ কৰাই হৈছে আনটো উদ্দেশ্য।’– এই মন্তব্য শিলাদিত্য দেৱৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|