চিতাৰ জুই জ্বলি থকাৰ সময়তে শ্বহীদক চূড়ান্ত অপমান! লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ অধিবক্তাৰ

News18 Assam | News18-Assam
Updated:April 6, 2021, 10:28 AM IST
চিতাৰ জুই জ্বলি থকাৰ সময়তে শ্বহীদক চূড়ান্ত অপমান! লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ অধিবক্তাৰ
এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰো দুজন বীৰ জোৱান। কিন্তু শিখা শৰ্মাৰ মতে, দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে হেনো শ্বহীদ নহয়।

এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰো দুজন বীৰ জোৱান। কিন্তু শিখা শৰ্মাৰ মতে, দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে হেনো শ্বহীদ নহয়।

  • Share this:
দেশ মাতৃৰ হৈ জীৱন বলিদান দিয়া শ্বহীদক চূড়ান্ত অপমান কৰি বিপদত পৰিছে লেখিকা শিখা শৰ্মা। ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানৰ চিতাৰ জুই নুনুমাওঁতেই শিখা শৰ্মাই চূড়ান্ত অপমানজনক মন্তব্য কৰাক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া।

যি সময়ত মাওবাদীৰ আক্ৰমণ শ্বহীদ হোৱা বীৰ জোৱানসকললৈ দেশে শ্ৰদ্ধাঞ্জলি জনাইছে, সেই সময়ত এইগৰাকী লেখিকাই চূড়ান্তভাৱে অপমান কৰিলে বুকুত গুলী পাতি লোৱা বীৰ শ্বহীদক। এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰো দুজন বীৰ জোৱান। কিন্তু শিখা শৰ্মাৰ মতে, দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে হেনো শ্বহীদ নহয়।

নিজৰ ফেচবুক ৱালত তথাকথিত লেখিকাগৰাকীয়ে লিখিছে,

‘‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়৷ তেনেকৈ হ’লে বিদ্যুৎপুষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ৷ ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম।’’


ইয়াৰ পিছতে শিখা শৰ্মাই আন এটা পোষ্টত লিখিছে, ‘‘উচ্চ পৰ্য্যায়ৰ প্ৰশিক্ষণ থকাৰ পাছতো আমাৰ কমাণ্ডোসকল মৰিল কেনেকৈ? ইয়াৰ উচ্চ পৰ্য্যায়ৰ তদন্ত হওক৷ আৱেগত আমি ডুব নাযাওঁ৷’’


শ্বহীদক কৰা এই অপমানক লৈ শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুই অধিবক্তাই। অধিবক্তা উমী ডেকা বৰুৱা আৰু কংগনা গোস্বামী ভৰদ্বাজে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।

আনহাতে, ছচিয়েল মিডিয়াতো সমালোচনাৰে থকা–সৰকা কৰিছে বিভিন্নজনে। বাক স্বাধীনতা থাকিল বুলিয়ে এগৰাকী লেখিকাই সামাজিক মাধ্যমত শ্বহীদক এইদৰে তাচ্ছিল্য কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। শ্বহীদক লৈ কৰা এনে তুচ্ছ–তাচ্ছিল্যসূচক মন্তব্যৰ বাবে এতিয়া বিভিন্নজনে ধিক্কাৰ দিছে লেখিকাগৰাকীক।
Published by: Sanjay Kumar Das
First published: April 6, 2021, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি