মুখ্যপৃষ্ঠা »খবৰ »অসম »News18ৰ বাতৰিৰ প্ৰতিক্ৰিয়া, নগাঁৱৰ নগৰ উপ-পৰিদৰ্শক ৰঞ্জিত গগৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

News18ৰ বাতৰিৰ প্ৰতিক্ৰিয়া, নগাঁৱৰ নগৰ উপ-পৰিদৰ্শক ৰঞ্জিত গগৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

বৰবজাৰৰ জুবাহিৰ আহমেদ নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল।

বৰবজাৰৰ জুবাহিৰ আহমেদ নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল।

বৰবজাৰৰ জুবাহিৰ আহমেদ নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল।

  • Share this:
অৱশেষত নগাঁও সদৰ আৰক্ষীৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক ৰঞ্জিত গগৈৰ বিৰুদ্ধে কঠোৰ হ'ল নগাঁও আৰক্ষী অধীক্ষক লীনা দলে (Nagaon Police)। উল্লেখযোগ্য যে, বৰবজাৰৰ জুবাহিৰ আহমেদ নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল।

আনহাতে, বুধবাৰে পুৱাই ৰঞ্জিত গগৈয়ে বৰবজাৰৰ আৰক্ষী কোৱাৰ্টাৰৰ সন্মুখত থকা দুখন ঠেলা মৰিয়াই ভঙাৰো অভিযোগ কৰিছিল দীপ কুমাৰ নামৰ এগৰাকী ঠেলাৱালাই। এই দুয়োটা ঘটনা সন্দৰ্ভত News18ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছতেই কঠোৰ হৈ নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তৎকালীন ভাৱে ৰঞ্জিত গগৈক ৰিজাৰ্ভ ক্ল'জৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ৰঞ্জিত গগৈৰ বিৰুদ্ধে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত তৰা গোচৰৰ তদন্তৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী সময়ত বিষয়া গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জনাইছে।

আনহাতে বৰবজাৰৰ কাষৰ পথসমূহত মাছৰ বাকলি আৰু বিভিন্ন আৱৰ্জনা পেলাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰা বৰবজাৰৰ মহলদাৰকো সকীয়নি দিছে নগাঁও আৰক্ষী অধীক্ষকে। গেলা-পচা সামগ্ৰী পেলোৱাৰ ফলতে বৰবজাৰৰ দাঁতি কাষৰীয়া ঠাইসমূহত চৰম অস্বাস্থ্যকৰ পৰিৱেশৰো সৃষ্টি হৈছে।

শেহতীয়া বাতৰি