মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জাগীৰোড থানাৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ মহিলাৰ, থানা চৌহদত উত্তপ্ত পৰিস্থিতি

জাগীৰোড থানাৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ মহিলাৰ, থানা চৌহদত উত্তপ্ত পৰিস্থিতি

News18 Assam | News18-Assam
Updated:September 22, 2021, 5:58 PM IST
জাগীৰোড থানাৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ মহিলাৰ, থানা চৌহদত উত্তপ্ত পৰিস্থিতি
জাগীৰোডত আৰক্ষীয়ে দাবী কৰা ধন নিদিয়াৰ বাবেই মহিলাক অপদস্তৰ অভিযোগ

জাগীৰোডত আৰক্ষীয়ে দাবী কৰা ধন নিদিয়াৰ বাবেই মহিলাক অপদস্তৰ অভিযোগ

  • News18 Assam
  • Last Updated: September 22, 2021, 5:58 PM IST
  • Share this:
যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষী থানাসমূহৰ OC সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনাইছে, তেনে সময়তে জাগীৰোড আৰক্ষী থানাৰ এগৰাকী আৰক্ষীয়ে সহায় বিচাৰি অহা মাতৃ-পুত্ৰক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

ঘটনা মতে, কিছুদিন পূৰ্বে এটা প্ৰেমজনিত কাৰণত জাগীৰোড আৰক্ষীয়ে আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল জাগীৰোডৰ ঘুনুচা নিবাসী সমীৰ দাস নামৰ এজন যুৱকক৷ তাৰ পিছতে ৫ জুলাইত আদালতৰ পৰা জামিন লাভ কৰি ঘৰলৈ উভতি আহিছিল যুৱকজন৷ কিন্তু জাগীৰোড আৰক্ষী থানাৰ SI লাহন চন্দ্ৰ নাথে সোমবাৰে যুৱকজনৰ ঘৰলৈ গৈ থানালৈ মাতি পঠিয়ায় যুৱকজনক৷

মঙলবাৰে যুৱকজনৰ লগতে থানাত আহি উপস্থিত হয় মাতৃ মিনতি দাস৷ তাৰ পিছতে আৰক্ষী বিষয়াজনে এটা চহী কৰাৰ নামত মাতৃ-পুত্ৰৰ পৰা দাবী কৰে ৫ হাজাৰ টকা৷ দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে এহেজাৰ টকা দিবলৈ মান্তি হয় যদিও ৫ হাজাৰ টকা নিদিয়াৰ বাবে থানাৰ ভিতৰতে মাতৃ-পুত্ৰক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগ কৰে ভুক্তভোগীয়ে৷

ইয়াকে লৈ মঙলবাৰেে জাগীৰোড আৰক্ষী থানা চৌহদত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ ঘটনাৰ পিছতে থানাৰ ভিতৰতে আত্মগোপন কৰে SI লাহন চন্দ্ৰ নাথে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষী আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে অভিযোগকাৰী মাতৃ-পুত্ৰই৷

জানিব পৰা মতে ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষী বিষয়া  লাহন চন্দ্ৰ নাথৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক লিখিত অভিযোগ দাখিল কৰাৰ ব্যৱস্থা কৰিছে৷ এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে৷
Published by: Sanjay Kumar Das
First published: September 22, 2021, 5:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি