SI নিপন নাথৰ নশ্বৰদেহ ঘৰলৈ নিয়াৰ পিছতে ৰঙিয়াৰ মধুকুছিত উত্তপ্ত পৰিস্থিতি

নিপন নাথৰ নশ্বৰদেহ বাসগৃহলৈ নিয়াৰ পিছতে ওলাই আহে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।

News18-Assam
Updated:August 31, 2019, 3:32 PM IST
SI নিপন নাথৰ নশ্বৰদেহ ঘৰলৈ নিয়াৰ পিছতে ৰঙিয়াৰ মধুকুছিত উত্তপ্ত পৰিস্থিতি
নিপন নাথৰ নশ্বৰদেহ বাসগৃহলৈ নিয়াৰ পিছতে ওলাই আহে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।
News18-Assam
Updated: August 31, 2019, 3:32 PM IST
ধেমাজিৰ চিচিবৰগাঁও থানাৰ উপ–পৰিদৰ্শক নিপন নাথৰ নশ্বৰদেহ ঘৰলৈ নিয়াৰ পিছতে ৰঙিয়াৰ মধুকুছিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী–পৰিদৰ্শকগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ৰাইজৰ। চিচিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে।

নিপন নাথৰ নশ্বৰদেহ বাসগৃহলৈ নিয়াৰ পিছতে ওলাই আহে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক। SI নাথৰ মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰে পৰিয়ালে। যেতিয়ালৈকে আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিয়ালটোক ন্যায় প্ৰদানৰ আশ্বাস নিদিয়ে তেতিয়ালৈ মৃতদেহ চমজি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে পৰিয়াল তথা স্থানীয় লোকে। বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অঞ্চলবাসীয়ে।



উল্লেখযোগ্য যে শুকুৰবাৰে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছিল SI নিপন নাথে। এই ঘটনাৰ পিছতে নিপন নাথৰ পৰিয়ালে অভিযোগ কৰিছিল যে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ নিৰ্যাতনত অতিষ্ঠ হৈয়ে আত্মহননৰ পথ বাচি লৈছিল উপ–পৰিদৰ্শকগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি