প্ৰৱঞ্চনাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা জোনমণি ৰাভাক অৱশেষত কাৰাগাৰলৈ প্ৰেৰণ হয়। মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোনমণি ৰাভাক (SI Jonmoni Rabha) ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য, গ্ৰেপ্তাৰৰ পিছত ৰাভাক গড়মূৰ পীতাম্বৰদেৱ জিলা চিকিৎসালয়ৰ অধীক্ষক ড° অমূল্য গোস্বামীয়ে স্বাস্থ্য পৰীক্ষা কৰে। তাৰ পাছতে তেওঁক আদালতত হাজিৰ কৰোৱা হয়।
প্ৰেমিক ৰাণা পগাগ গ্ৰেপ্তাৰ হোৱাৰ পাছতে জোনমণি ৰাভাৰ অপৰাধৰ বিষয়টো পোহৰলৈ আহিছিল। গ্ৰেপ্তাৰৰ পিছতে জোনমণি ৰাভাৰ এক অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল আৰু ধনৰ লেনদেনত জড়িত থকাৰ কথা স্পষ্ট হৈ পৰিছিল।
প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰাৰ লগতে একাংশ ভুক্তভোগীয়ে এছ আইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেনে গোচৰৰ তদন্তৰ বাবেই মাজুলীৰ গড়মূৰ আৰক্ষীয়ে টলব কৰিছিল জোনমণি ৰাভাক ।
Published by: Gautam Barman
FIRST PUBLISHED : June 04, 2022, 19:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|