মুখ্যপৃষ্ঠা »খবৰ »অসম »গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বিত হ'ল SI জোনমণি ৰাভা, কাৰাগাৰলৈ প্ৰেৰণ

গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বিত হ'ল SI জোনমণি ৰাভা, কাৰাগাৰলৈ প্ৰেৰণ

আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউণ্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ৷ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণিয়ে প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷

আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউণ্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ৷ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণিয়ে প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷

  • Share this:
গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হ'ল বিতৰ্কিত SI জোনমণি ৰাভাক। নগাঁও আৰক্ষী অধীক্ষকে এক নিৰ্দেশ যোগে জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বিত কৰিছে ৷ ইতিমধ্যে জোনমণি ৰাভাক প্ৰবঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

ইফালে জোনমণি ৰাভাক কাৰাগাৰলৈ প্ৰেৰণ হৈছে। মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পিছত ৰাভাক গড়মূৰ পীতাম্বৰদেৱ জিলা চিকিৎসালয়ৰ অধীক্ষক ড° অমূল্য গোস্বামীয়ে স্বাস্থ্য পৰীক্ষা কৰে। তাৰ পাছতে তেওঁক আদালতত হাজিৰ কৰোৱা হয়।

আনহাতে  আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউণ্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ৷ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণিয়ে প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷ জোনমণিৰ এজাহাৰৰ ভিত্তিতে ৰাণা পগাগকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ আৰু পগাগক গ্ৰেপ্তাৰৰ পিছতে জোনমণি ৰাভাৰ এক অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল আৰু ধনৰ লেনদেনত জড়িত থকাৰ কথা স্পষ্ট হৈ পৰিছিল।

উল্লেখ্য যে, নগাওঁ সদৰ আৰক্ষী থানাৰ পৰা বদলিৰ নিৰ্দেশৰ পিছতে ১২ মেত কলিয়াবৰ আৰক্ষী নিৱেশত যোগদান কৰিছিল এচ আই জোনমনি ৰাভাই। পিছত সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে কলিয়াবৰ আৰক্ষী নিৱেশৰ এগৰাকী মহিলা কনিষ্ঠবলৰ ঘৰত দুটা দিন কটায়। জোনমণি ৰাভাক আশ্ৰয় দিয়া মহিলা কনিষ্ঠবল গৰাকীৰ ঘৰ কলিয়াবৰতে।

নগাওঁ আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা জোনমণি ৰাভাক একপ্ৰকাৰে অঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। এয়া এক গোপন খৱৰৰ ভিত্তিত লাভ কৰা এক তথ্য। তাৰ পিছত মেডিকেল লিভ লৈ অন্তৰ্ধান হৈ আছিল জোনমণি ৰাভা। প্ৰায় ১৬ দিনৰ পিছত ২৯ মেত কলিয়াবৰ আৰক্ষী নিৱেশত কৰ্তব্যত যোগদান কৰে ৰাভাই। কলিয়াবৰ আৰক্ষী নিৱেশত যোগদানৰ দুদিন পিছতেই মাজুলী আৰক্ষীয়ে তলব কৰিছিল ৰাভাক।

শেহতীয়া বাতৰি