SI জোনমণি ৰাভাক গ্ৰেপ্তাৰ। গড়মূৰ আৰক্ষী চকীত তিনিদিন ধৰি জেৰা চলাই থকা হৈছিল বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক। নগাওঁ সদৰ আৰক্ষী থানাৰ পৰা বদলিৰ নিৰ্দেশৰ পিছতে ১২ মেত কলিয়াবৰ আৰক্ষী নিৱেশত যোগদান কৰিছিল এচ আই জোনমনি ৰাভাই। পিছত সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে কলিয়াবৰ আৰক্ষী নিৱেশৰ এগৰাকী মহিলা কনিষ্ঠবলৰ ঘৰত দুটা দিন কটায়। জোনমণি ৰাভাক আশ্ৰয় দিয়া মহিলা কনিষ্ঠবল গৰাকীৰ ঘৰ কলিয়াবৰতে।
নগাওঁ আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা জোনমণি ৰাভাক একপ্ৰকাৰে অঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। এয়া এক গোপন খৱৰৰ ভিত্তিত লাভ কৰা এক তথ্য। তাৰ পিছত মেডিকেল লিভ লৈ অন্তৰ্ধান হৈ আছিল জোনমণি ৰাভা। প্ৰায় ১৬ দিনৰ পিছত ২৯ মেত কলিয়াবৰ আৰক্ষী নিৱেশত কৰ্তব্যত যোগদান কৰে ৰাভাই। কলিয়াবৰ আৰক্ষী নিৱেশত যোগদানৰ দুদিন পিছতেই মাজুলী আৰক্ষীয়ে তলব কৰে ৰাভাক।
উল্লেখ্য যে প্ৰৱঞ্চনাৰ অভিযোগত জোনমণি ৰাভাৰ প্ৰেমিক ৰাণা পগাগ গ্ৰেপ্তাৰ হোৱাৰ পাছতে বিভিন্ন ৰহস্য পোহৰলৈ আহিছিল। প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰিছিল । আনকি একাংশ ভুক্তভোগীয়ে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে। সেই গোচৰৰ তদন্তৰ বাবেই মাজুলীৰ গড়মূৰ আৰক্ষীয়ে তলব কৰিছিল জোনমণি ৰাভাক ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 04, 2022, 19:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।