আজি SI জোনমণি ৰাভাৰ মৃত্যুৰ ১১ দিন। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ বাসগৃহত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। ৰাভা জনগোষ্ঠীয় নীতি–নিয়মেৰে সমাপণ কৰা হয় শ্ৰাদ্ধ। মাতৃৰ অসুস্থতাৰ মাজতে জোনমণিৰ বাসগৃহত আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। ৩১ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ বাসগৃহতে হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অনা হৈছে মাতৃক। জোনমণিৰ মৃত্যুৰ পিছতে কন্যাৰ শোকত অসুস্থ হৈ পৰিছিল জোনমণিৰ মাতৃ। জোনমণিৰ ভাতৃও অসুস্থ। আজি আত্মীয়–স্বজন আৰু ৰাইজৰ উপস্থিতিত আজি আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। জোনমণিৰ ঘৰখনত আজিও দেখা গ’ল এক শোকাকুল পৰিৱেশ। কন্যাৰ আদ্যশ্ৰাদ্ধ পাতিবলগীয়া হোৱা মাতৃৰ যেন মুখৰ ভাষা হেৰাই গৈছে।
উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিআইডিৰ পৰা চিবিআইক অৰ্পণ কৰা হৈছে। প্ৰথমে ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক দিয়া হৈছিল যদিও পিছত তদন্তৰ ভাৰ চিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিজিপিৰ অনুৰোধত মুখ্যমন্ত্ৰীয়ে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। সকলোৱে আশা কৰিছে জোনমণিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য চিবিআইৰ তদন্তত পোহৰলৈ আহিব। যদিহে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেন্তে দোষীয়ে শাস্তি পাওক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 26, 2023, 15:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।