এছ আই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ থকা কোন এই প্ৰাঞ্জল বৰুৱা ওৰফে বটল?

News18 Assam | News18-Assam
Updated:October 11, 2020, 8:23 PM IST
এছ আই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ থকা কোন এই প্ৰাঞ্জল বৰুৱা ওৰফে বটল?
দহ বছৰৰ পূৰ্বে বাজাজ স্কুটাৰ চলাই ফুৰা প্ৰাঞ্জল এতিয়া বিলাসী গাড়ীৰে শিৱসাগৰলৈ অহা–যোৱা কৰে।

দহ বছৰৰ পূৰ্বে বাজাজ স্কুটাৰ চলাই ফুৰা প্ৰাঞ্জল এতিয়া বিলাসী গাড়ীৰে শিৱসাগৰলৈ অহা–যোৱা কৰে।

  • Share this:
ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে শিৱসাগৰৰ এজন যুৱকৰ। শিৱসাগৰত 'বটল' নামেৰে পৰিচিত যুৱকজন হৈছে প্ৰাঞ্জল বৰুৱা। এই 'বটল' ওৰফে প্ৰাঞ্জল বৰুৱা এতিয়া কৌটিপতি। শিৱসাগৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান প্ৰাঞ্জলৰ নাম SI কেলেংকাৰীত সাঙোৰ খাই পৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰ পথৰ বাসিন্দা প্ৰাঞ্জল বৰুৱা। অৱশ্যে সম্প্ৰতি ঘৰত থাকে প্ৰাঞ্জলৰ মাতৃ আৰু ভাতৃ।

দহ বছৰৰ পূৰ্বে এখন সেউজীয়া ৰঙৰ বাজাজ চুপাৰ স্কুটাৰ লৈ শিৱসাগৰত ঘূৰি ফুৰিছিল প্ৰাঞ্জল। সেই সময়তে এগৰাকী ৰহস্যময়ী মহিলাৰ সৈতে নগৰৰ বৰ্ডিং ৰোডত এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰও খুলিছিল প্ৰাঞ্জল বৰুৱাই। তেতিয়াৰ পৰাই ৰহস্যজনকভাৱে আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰ ভাত ঘৰৰ মানুহত পৰিণত হৈছিল এইজন যুৱক। কম্পিউটাৰ ব্যৱহাৰত পাকৈত প্ৰাঞ্জলৰ বিৰুদ্ধে  শিৱসাগৰত এগৰাকী মহিলাই অপৰাধজনিত গোচৰো ৰুজু কৰিছিল।

ONGC নিযুক্তি কেলেংকাৰীকে ধৰি বহু অপৰাধজনিত কামত নাম সাঙোৰ খাই পৰা প্ৰাঞ্জল হঠাত শিৱসাগৰৰ পৰা অন্তৰ্ধান হয় দহ বছৰৰ পূৰ্বে। দহ বছৰৰ পূৰ্বে বাজাজ স্কুটাৰ চলাই ফুৰা প্ৰাঞ্জল এতিয়া বিলাসী গাড়ীৰে শিৱসাগৰলৈ অহা–যোৱা কৰে। SI কেলেংকাৰী ফাদিল হোৱাৰ পোন্ধৰ দিনমানৰ পূৰ্বে নিজ মাতৃকো এখন গাড়ী উপহাৰ দিছে প্ৰাঞ্জলে।

এইজন প্ৰাঞ্জল বৰুৱাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে শিৱসাগৰৰ দল–সংগঠন।
অসম আৰক্ষীৰ শীৰ্ষ মহল তথা বিজেপি, আৰ এছ এছৰ লগত ঘনিষ্ঠতাৰ বাবেই তদন্তৰ আওতাৰ পৰা বাহিৰত নেকি প্ৰাঞ্জল? সেই প্ৰশ্নও তুলিছে বিভিন্নজনে।
Published by: Sanjay Kumar Das
First published: October 11, 2020, 8:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading