SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত, দিবন ডেকাৰ সন্ধান দিওতালৈ ২ লাখ টকা পুৰস্কাৰ ঘোষণা

News18 Assam | News18-Assam
Updated:September 30, 2020, 1:17 PM IST
SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত, দিবন ডেকাৰ সন্ধান দিওতালৈ ২ লাখ টকা পুৰস্কাৰ ঘোষণা
এই কেলেংকাৰীৰ সৈতে জড়িত বহু ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে যদিও এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত আৰু দিবন ডেকাৰ কোনো শুংসূত্ৰ এইপৰ্যন্ত উলিয়াব পৰা নাই অসম আৰক্ষীয়ে।

এই কেলেংকাৰীৰ সৈতে জড়িত বহু ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে যদিও এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত আৰু দিবন ডেকাৰ কোনো শুংসূত্ৰ এইপৰ্যন্ত উলিয়াব পৰা নাই অসম আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: September 30, 2020, 1:17 PM IST
  • Share this:
অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীয়ে জোকাৰি গৈছে সমগ্ৰ অসম। অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিব পৰা ব্যক্তিলৈ এইবাৰ দুই লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে। ৰাজ্যৰ নিবনুৱাসকলৰ পৰা সংগৃহীত অনুদানেৰে দুৰ্নীতিবিৰোধী সংগঠনটোৱে সন্ধান দিওতাক এই পুৰস্কাৰ দিব বুলি সংগঠনটোৰ মুৰব্বী ধৰ্মকান্ত গগৈয়ে জনায়।

ৰাজ্য জোকাৰি যোৱা এই কেলেংকাৰীৰ সৈতে জড়িত কোনো ব্যক্তিকে ৰেহাই দিয়া নহ’ব বুলি গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদম্ভ ঘোষণা কৰিছিল। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো তদন্ত ক্ষীপ্ৰতাৰে চলাই থকাৰ কথা সংবাদ মাধ্যমক জনাইছে।

এই কেলেংকাৰীৰ সৈতে জড়িত বহু ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে যদিও এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্ত আৰু দিবন ডেকাৰ কোনো শুংসূত্ৰ এইপৰ্যন্ত উলিয়াব পৰা নাই অসম আৰক্ষীয়ে। তেনেক্ষেত্ৰত অসম আৰক্ষীৰ পিছতেই দুৰ্নীতিবিৰোধী যুৱশক্তি অসমেও মঙলবাৰে ঘোষণা কৰে সন্ধান দিওতাৰ নামত পুৰস্কাৰ।
Published by: Sanjay Kumar Das
First published: September 30, 2020, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading