অসমলৈ অনা হ’ল SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তক

News18 Assam | News18-Assam
Updated:October 7, 2020, 9:39 AM IST
অসমলৈ অনা হ’ল SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তক
মাজনিশা অতিথিশালাত কোকৰাঝাৰ আৰক্ষীৰ দলে পি কে দত্তক জি পি সিঙৰ হাতত গতাই দিয়ে৷

মাজনিশা অতিথিশালাত কোকৰাঝাৰ আৰক্ষীৰ দলে পি কে দত্তক জি পি সিঙৰ হাতত গতাই দিয়ে৷

  • Share this:
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা SI নিযুক্তিৰ মাষ্টাৰমাইণ্ড পি কে দত্তক গ্ৰেপ্তাৰ কৰি নিশাৰ ভাগত অসম লৈ অনা হয়৷ নেপাল সীমান্তৰ কাকৰভিটা-পানীৰটেংকী ইমিগ্ৰেচন চেক পোষ্টত পিকে দত্তক আটক কৰাৰ পিছত অসম লৈ অনাৰ ব্যৱস্থা কৰা হয়৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নেতৃত্বত যোৱা দলে অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্তক চমজি লৈ শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰে৷

কোকৰাঝাৰৰ আৰক্ষীৰ দলে চিৰাঙত পি কে দত্তক ADGP (L&O) জি পি সিং হাতত গতাই দিয়ে৷ পলাতক পি কে দত্ত আটক হোৱাৰ পিছতে মঙলবাৰে বিয়লি জি পি সিঙে চিৰাঙৰ কাজলগাঁৱত থকা আৰক্ষী অতিথিশালাত বাহৰ পাতে৷

মাজনিশা অতিথিশালাত কোকৰাঝাৰ আৰক্ষীৰ দলে পি কে দত্তক জি পি সিঙৰ হাতত গতাই দিয়ে৷ অতিথিশালাত দত্তৰ নিশাৰ আহাৰৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক জেৰা চলোৱা হয়৷ প্ৰায় এঘণ্টা সময় অতিথিশালাত ৰখাৰ পিছত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে দত্তক লৈ আৰক্ষীয়ে গুৱাহাটী অভিমুখে ৰাওনা হয়৷

গুৱাহাটীত চিআইডি কাৰ্যালয়লৈ অনা হয় পি কে দত্তক। পি কে দত্তক জেৰা কৰি পুৱতিনিশা জাপৰিগোগৰ পৰা এখন ৰেঞ্জ ৰভাৰ বিলাসী বাহন জব্দ কৰে চি আই ডিৰ দলে৷ জব্দ কৰা বাহনখনৰ নম্বৰ TR 19Q-6464।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 9:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি