SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তৰ ঘনিষ্ঠ জয়দেৱ বৰুৱাৰ বাসগৃহত উদ্ধাৰ জাপে জাপে টকাৰ বাণ্ডিল

News18 Assam | News18-Assam
Updated:October 15, 2020, 9:23 AM IST
SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তৰ ঘনিষ্ঠ জয়দেৱ বৰুৱাৰ বাসগৃহত উদ্ধাৰ জাপে জাপে টকাৰ বাণ্ডিল
গুৱাহাটীৰ চানমাৰি থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত চি আই ডি দলে অভিযান চলাই উদ্ধাৰ কৰে ধনখিনি।

গুৱাহাটীৰ চানমাৰি থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত চি আই ডি দলে অভিযান চলাই উদ্ধাৰ কৰে ধনখিনি।

  • Share this:
অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্তত বুধবাৰে পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ ধন। SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তৰ অতি ঘনিষ্ঠ তথা ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী জয়দেৱ বৰুৱাৰ গুৱাহাটীৰ চানমাৰি থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত চি আই ডি দলে অভিযান চলাই উদ্ধাৰ কৰে ২৪ লাখ ৮৮ হাজাৰ ৩০০ টকা।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জয়দেৱ বৰুৱাক তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰিছিল চি আই ডিয়ে। গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰেই গুৱাহাটীৰ বাসগৃহৰ পৰা SI পৰীক্ষাৰ পৰা সংগৃহীত ধন উদ্ধাৰ কৰে চি আই ডিয়ে। অসম আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এই বৃহৎ ধনৰাশি পি কে দত্তই তেওক ৰাখিবলৈ দিছিল।
Published by: Sanjay Kumar Das
First published: October 15, 2020, 9:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading