অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBIক দিবলৈ দাবী জনাইছে এআইইউডিএফে। মঙলবাৰে দলৰ হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইছলামে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
বিজেপি চৰকাৰৰ আমোলত ৰাজ্যত অসম আৰক্ষীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, স্বাস্থ্য, APDCL বিভাগৰ নিযুক্তিত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে বুলি কয় আমিনুল ইছলামে।
ইফালে, খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰিছে বুলি অভিযোগ কৰে বিৰোধী দলটোৱে। তদুপৰি মঙলবাৰৰ সংবাদ মেলতে আগন্তুক ২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব বুলি কয় এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।
মুছলমান বিৰোধী মন্তব্যৰ বাবে ডিমা হাছাওৰ বহু বিতৰ্কিত দেৱলাল গাৰ্লোছাক গৰিহণা দিয়ে বিৰোধী দল এআইইউডিএফে। এআইইউডিএফে দলৰ কেন্দ্ৰীয় কমিটীৰ উপ সভানেত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে আনোৱাৰা টাইমুৰে ২০১১ চনত কংগ্ৰেছ ত্যাগ কৰি এআইইউডিএফত যোগ দিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 29, 2020, 17:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|