মাৰোৱাৰী হাস্পতালত পলাতক অক্ষয় চান্দ! গ্ৰেপ্তাৰ হ’বনে অক্ষয়?

News18 Assam | News18-Assam
Updated:October 13, 2020, 5:00 PM IST
মাৰোৱাৰী হাস্পতালত পলাতক অক্ষয় চান্দ! গ্ৰেপ্তাৰ হ’বনে অক্ষয়?
দুদিন পূৰ্বে অক্ষয়ৰ বঙাইগাঁৱৰ বাসগৃহত চলাইছিল অভিযান৷ গুৱাহাটীৰ পৰা যোৱা CIDৰ দলে অক্ষয় চান্দক বিচাৰি উপস্থিত হৈছিল বঙাইগাঁৱত৷

দুদিন পূৰ্বে অক্ষয়ৰ বঙাইগাঁৱৰ বাসগৃহত চলাইছিল অভিযান৷ গুৱাহাটীৰ পৰা যোৱা CIDৰ দলে অক্ষয় চান্দক বিচাৰি উপস্থিত হৈছিল বঙাইগাঁৱত৷

  • Share this:
ৰাজ্যৰ SI কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য৷ ফাদিল হৈছে ন ন তথ্য৷ আৰু তাৰ মাজতে দীৰ্ঘদিনে আত্মগোপন কৰি থকা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰীৰ অক্ষয় চান্দৰ ওলাইছে সন্ধান৷ সোমবাৰৰ পৰা মহানগৰীৰ মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে আত্মগোপন কৰি থকা অক্ষয় চান্দ৷

দুদিন পূৰ্বে অক্ষয়ৰ বঙাইগাঁৱৰ বাসগৃহত চলাইছিল অভিযান৷ গুৱাহাটীৰ পৰা যোৱা CIDৰ দলে অক্ষয় চান্দক বিচাৰি উপস্থিত হৈছিল বঙাইগাঁৱত৷ তদন্তকাৰী দলে সুকীয়া সুকীয়াকৈ অক্ষয় চান্দৰ বাসগৃহত অভিযান চলাইছিল৷ অভিযানকাৰী দলৰ অভিযানত জব্দ হৈছিল জাপে জাপে টকাৰ উপৰি বহু আপত্তিজনক সামগ্ৰী৷ এই তদন্ত চলি থকাৰ মাজতে সোমাবাৰে ৰহস্যজনকভাৱে মহানগৰীৰ মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হয় দীৰ্ঘদিনে আত্মগোপন কৰা অক্ষয় চান্দে।

বমি, ভৰিৰ বিষত চিকিৎসালয়ত ভৰ্তি হৈছে অক্ষয়৷ চিকিৎসকৰ মতে, স্বাস্থ্যজনিত কোনো জটিলতা নাই চান্দৰ৷ সম্ভৱত অচিৰেই ৰিলিজ ল’ব পাৰিব অক্ষয়ে৷ পিছে, ৰহস্যজনকভাৱে দীৰ্ঘদিনে আত্মগোপন কৰা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰীৰ অক্ষয় চান্দৰ তথ্য লাভ কৰাৰ পিছতো হাস্পতাললৈ এবাৰলৈও নাহিল আৰক্ষী৷
Published by: Sanjay Kumar Das
First published: October 13, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading