অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত CBIক দিয়াৰ দাবী গৌৰৱ গগৈৰ

News18 Assam | News18-Assam
Updated:September 29, 2020, 9:25 AM IST
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত CBIক দিয়াৰ দাবী গৌৰৱ গগৈৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি এই দাবী উত্থাপন কৰিলে গগৈয়ে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি এই দাবী উত্থাপন কৰিলে গগৈয়ে। 

  • News18 Assam
  • Last Updated: September 29, 2020, 9:25 AM IST
  • Share this:
অসম আৰক্ষীয়ে চলাই থকা তদন্ত অভিযানত একেবাৰে ভৰসা নাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। সেয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ বাচনি পৰীক্ষাৰ ব্যাপক কেলেংকাৰীৰ তদন্ত Central Bureau of Investigation (CBI)ৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনালে লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি এই দাবী উত্থাপন কৰিলে গগৈয়ে।

পত্ৰখনত তেওঁ অসম চৰকাৰৰ এই কেলেংকাৰীৰ তদন্ত কৰাৰ যোগ্যতা নাই আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে এক নিকা প্ৰশাসন দিয়াটো ব্যৰ্থ বুলি উল্লেখ কৰে। এনে পৰিস্থিতিত নিকা পন্থাৰে নিজৰ যোগ্যতাৰ ভিত্তিত চাকৰি বিচাৰি থকাসকল ভাগি পৰে আৰু প্ৰশাসন যন্ত্ৰত অপৰাধীৰ প্ৰৱেশ ঘটে বুলিও উল্লেখ কৰে গগৈয়ে।

অসম আৰক্ষীয়ে অভিযুক্তসকলক এতিয়াও কৰায়ত্ত কৰাব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে গগৈয়ে আৰু সেয়ে অসম আৰক্ষীৰ যোগ্যতাত প্ৰশ্ন তুলি তদন্তৰ দায়িত্ব CBIক দিবলৈ দাবী জনায় কলিয়াবৰৰ সাংসদগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 9:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading