অসম আৰক্ষীৰ আশ্চৰ্যজনক সিদ্ধান্ত। কলংকিত SI বদ্ৰীপ্ৰসাদ বাৰুৱতীক পুনৰ স্থলাভিষিক্ত অসম আৰক্ষীত। GRPতে পুনৰ নিযুক্ত কৰা হ’ল বাৰুৱাতীক। সোণ চুৰিৰ গোচৰত ভৰলু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী বিষয়াক। পূৰ্বতে সোণৰ চোৰাং বেহাত জড়িত হৈ কোটিপতি হৈছিল SI বদ্ৰীপ্ৰসাদ।
২০২১ বৰ্ষতে সোণ চুৰিৰ গোচৰত অভিযুক্ত হৈ নিলম্বিত হ’বলগীয়া হৈছিল SI বদ্ৰীপ্ৰসাদ বাৰুৱাতী। GRPৰ জব্দকৃত সোণ নগাঁৱৰ এগৰাকী সোণ ব্যৱসায়ীক চোৰাংকৈ বিক্ৰী কৰি হাতে-লোটে ধৰা পৰিছিল বিষয়াগৰাকী।
SI বাৰুৱাতীৰ লগতে আৰক্ষীয়ে আটক কৰিছল তেওঁৰ পত্নীকো। উল্লেখযোগ্য যে, SI বাৰুৱতীৰ পত্নীও GRPতে কৰ্মৰত আছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 27, 2023, 08:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।