• Home
  • »
  • News
  • »
  • assam
  • »
  • SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীক আদালতত হাজিৰ, আদালতত চৌহদত সাংবাদিকক আক্ৰমণ, দলিয়ালে কেমেৰা

SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীক আদালতত হাজিৰ, আদালতত চৌহদত সাংবাদিকক আক্ৰমণ, দলিয়ালে কেমেৰা

ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল বিষয়াজনৰ।

ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল বিষয়াজনৰ।

ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল বিষয়াজনৰ।

  • Share this:
গুৱাহাটী মহানগৰীত জব্দ হোৱা ৫০ লক্ষাধিক টকাৰ চোৰাং সোণৰ সৈতে সম্পৰ্ক তথাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীক আজি হাজিৰ কৰোৱা হয় কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আৰক্ষী বিষয়াজনৰ লগতে আন ৩জন অভিযুক্তকো আদালতত হাজিৰ কৰোৱা হয়।

আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে ভৰলুমুখ আৰক্ষীয়ে আটাইকেইজনৰে স্বাস্থ্য পৰীক্ষা কৰায়। স্বাস্থ্য পৰীক্ষাৰ অন্তত হাজিৰ কৰোৱা হয় চি জে এম আদালতত।

আদালত চৌহদত সাংবাদিকৰ ওপৰত আক্ৰমণৰ চেষ্টা SI বদ্ৰীপ্ৰসাদ বাৰোৱাতীৰ। অভিযুক্ত SIজনৰ আক্ৰমণত ভাঙিল এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ কেমেৰা।

উল্লেখ্য যে, ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল বিষয়াজনৰ। সোধা–পোছাৰ বাবে আটকাধীনসকলৰ ভিতৰত অন্যতম আছিল SI বদ্ৰীপ্ৰসাদ।

কিছুদিন পূৰ্বে কামাখ্যা ৰে'ল আৰক্ষী চকীত উপ-পৰিদৰ্শকৰূপে যোগদান কৰা বদ্ৰীপ্ৰসাদ বাৰোৱাতী পূৰ্বে নগাঁৱত কৰ্মৰত আছিল। মন কৰিবলগীয়া কথা যে, কামৰূপ মহানগৰ CJM আদালতৰ ওচৰত ৫ দিনৰ জিম্মা বিচাৰিছিল ভৰলুমুখ আৰক্ষীয়ে। আদালতে কেৱল ২ দিনৰ বাবেহে আৰক্ষী জিম্মাৰ অনুমতি দিয়ে।

মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা, চেইনসহ দুজন লোকক আটক কৰিছিল। এই ঘটনাৰ পিছতেই ভৰলমুখ আৰক্ষীয়ে আটক কৰিছিল বদ্ৰীপ্ৰসাদ বাৰোৱাতীক।

নিশা নগাঁওস্থিত তেওঁৰ পত্নীৰ চৰকাৰী কোৱাৰ্টাৰত মহানগৰ আৰক্ষীয়ে চলাইছিল অভিযান। লগতে এখন সোণাৰিৰ দোকানতো চলাইছিল অভিযান। সোণ সৰবৰাহ কাণ্ডৰ সৈতে আৰক্ষীৰ নাম সাঙোৰ খোৱাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয়ৰূপে পৰিগণিত হৈছে। আৰক্ষীৰ সঠিক তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব।
Published by:Sanjay Kumar Das
First published: