• Home
  • »
  • News
  • »
  • assam
  • »
  • Independence Day 2021: দেশপ্ৰেমৰ নিদৰ্শন! নগাঁৱত ধাৰাষাৰ বৰষুণত তিতি পেৰেডত অলৰ-অচৰ অসম আৰক্ষী, প্ৰবল বৃষ্টিপাতেও কৰিব নোৱাৰিলে বিচলিত

Independence Day 2021: দেশপ্ৰেমৰ নিদৰ্শন! নগাঁৱত ধাৰাষাৰ বৰষুণত তিতি পেৰেডত অলৰ-অচৰ অসম আৰক্ষী, প্ৰবল বৃষ্টিপাতেও কৰিব নোৱাৰিলে বিচলিত

প্ৰায় ২০মিনিট ধৰি দিয়া ধাৰাষাৰ বৰষুণে তিলমানো বিচলিত কৰিব নোৱাৰিলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা আৰক্ষীৰ জোৱান তথা বিষয়া সকলক।

প্ৰায় ২০মিনিট ধৰি দিয়া ধাৰাষাৰ বৰষুণে তিলমানো বিচলিত কৰিব নোৱাৰিলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা আৰক্ষীৰ জোৱান তথা বিষয়া সকলক।

প্ৰায় ২০মিনিট ধৰি দিয়া ধাৰাষাৰ বৰষুণে তিলমানো বিচলিত কৰিব নোৱাৰিলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা আৰক্ষীৰ জোৱান তথা বিষয়া সকলক।

  • Share this:
দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত পৰিলক্ষিত হ'ল এক বিৰল দৃশ্য। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ধাৰাষাৰ বৰষুণত তিতি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নগাঁও আৰক্ষীৰ যানবাহন শাখা, সশস্ত্ৰ বাহিনী আৰু বঢ়মপুৰৰ নৱম অসম আৰক্ষীৰ জোৱান সকলে।

আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জাতীয় পতাকা উত্তোলন কৰাৰ পিছতে হঠাৎ ধাৰাষাৰ বৰষুণ আহে। বৰষুণৰ পৰা বাচিবলৈ স্বাধীনতা দিৱস উপভোগ কৰিবলৈ আহি মুকলি গেলেৰীত আসন গ্ৰহণ কৰা দৰ্শক তথা সমবেত লোকৰ মাজত হুৱাদুৱা লাগে। কিন্তু বৰষুণৰ মাজতে নিজৰ ভাষণ আৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  আৰু প্ৰৱল বৰষুণটো তিতি নিজৰ স্থানত ৰৈ ভাষণ শুণে  আৰক্ষীৰ জোৱান সকলে। প্ৰায় ২০মিনিট ধৰি দিয়া ধাৰাষাৰ বৰষুণে তিলমানো বিচলিত কৰিব নোৱাৰিলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা আৰক্ষীৰ জোৱান তথা বিষয়া সকলক।

অসম আৰক্ষীৰ জোৱান সকলৰ এই ধৈৰ্য্যক হাতচাপৰিৰে উপচাই দিয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা দৰ্শকে। নগাঁও আৰক্ষীৰ জোৱানসকলে দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত পুনৰ প্ৰমাণ কৰিলে যে আৰক্ষীৰ বাবে দেশ আৰু জনগণতকৈ ওপৰত একো নাই
Published by:Manjumoni Borah
First published: