ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ কৰা এটা টুইটে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বোকাখাতত৷ নিদ্ৰা হৰণ কৰিছে মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ৷ যাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে এজন প্ৰবক্তালৈ৷ এই ঘটনা ৩১ মে'ৰ নিশাৰ৷ বোকাখাতৰ বিজ্ঞান শিক্ষাৰ একমাত্ৰ অনুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়৷ জনবসতিপূৰ্ণ এলেকাত অৱস্থিত মহাবিদ্যালয়খনত বোকাখাত মহকুমা প্ৰশাসনে স্থাপন কৰিছিল এটা কোৱাৰেণ্টাইন কেন্দ্ৰ৷ মহাবিদ্যালয়খনেও সম্পূৰ্ণ সহযোগিতা কৰিছিল৷
৩১ মে'ৰ নিশা ১০.১৫ মান বজাত বহিঃৰাজ্যৰ পৰা উভতি অহা ৪৫ জনীয়া এটা দলক দুখন গাড়ীৰে মহাবিদ্যালয়খনত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটোলৈ অনা হয় ৷ কিন্তু দলটো আহি পোৱাৰ সময়ত মহাবিদ্যালয়খনৰ চৌহদত দণ্ডাধীশ বা আৰক্ষীৰ কোনো লোক উপস্থিত নাছিল৷
পৰিস্থিতি লক্ষ্য কৰি মহাবিদ্যালয়খনৰ কাষতে থকা গণিত বিভাগৰ অধ্যাপক ড০ বিদ্যুৎ বৰুৱাই স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰি কোনো সদুত্তৰ নাপাই শংকিত হৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীলৈ এটা টুইট কৰিলে৷ টুইটত কোনো প্ৰশাসনৰ লোক বা আৰক্ষী সেই সময়ত সেই স্থানত উপস্থিত নাই বুলি উল্লেখ কৰিলে৷ তাতেই অপৰাধ হ'ল অধ্যাপক ড০ বিদ্যুৎ বৰুৱাৰ৷ খৰ্গহস্ত বোকাখাত মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন৷ ১ জুনৰ দিনাই অধ্যাপক ড০ বিদ্যুৎ বৰুৱালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে৷
চছিয়েল মিডিয়াত অধ্যাপকগৰাকীয়ে স্থানীয় জনসাধাৰণক উচতনি দিবৰ বাবেই এই টুইট কৰিছে বুলি জাননীত উল্লেখ কৰিছে৷ ৪৮ ঘণ্টাৰ ভিতৰত জাননীৰ প্ৰত্যুত্তৰ দিব লাগিব অধ্যাপকগৰাকীয়ে৷ এই কথা ৰাজহুৱা হোৱাৰ পিছতেই সৰৱ হৈছে জীপাল কৃষক শ্ৰমিক সংঘ, স্থানীয় ব্যক্তি, যুৱক, মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মঞ্চ আৰু বিভিন্ন সংগঠনৰ লোক৷