বৰপেটাৰ দেউল: তেজে তেজে শিপোৱা প্ৰাণৰ উৎসৱ 

News18 Assam | News18-Assam
Updated:February 25, 2020, 3:48 PM IST
বৰপেটাৰ দেউল: তেজে তেজে শিপোৱা প্ৰাণৰ উৎসৱ 
ফাগুনৰ বোকোচাত উঠি আহিছে ঋতুৰাজ বসন্ত ৷ বসন্তৰ আগমনত চঞ্চল হৈছে প্ৰকৃতি ৷ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌলোৎসৱৰ প্ৰস্তুতি ৷

ফাগুনৰ বোকোচাত উঠি আহিছে ঋতুৰাজ বসন্ত ৷ বসন্তৰ আগমনত চঞ্চল হৈছে প্ৰকৃতি ৷ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌলোৎসৱৰ প্ৰস্তুতি ৷

  • Share this:
ফল্গুৎসৱ মানেই যেন আনন্দোৎসৱ ৷ প্ৰাচীন কালৰে পৰা ভাৰতত ফল্গুৎসৱ পালনৰ লৌকিক প্ৰথা প্ৰচলিত হৈ আহিছে ৷ ঋতুৰাজ বসন্তক বোকোচাত কঢ়িয়াই অনা ফল্গুৎসৱত নিহিত হৈ আছে কৃষ্ণ কথা ৷ ফল্গুৎসৱৰ সৈতে একাত্ম হৈ আছে কৃষ্ণ ভক্তি ৷ বৃন্দাবনত শ্ৰীকৃষ্ণই গোপ বালক সকলৰ সৈতে কৰা আনন্দোৎসৱৰ পৰাই সূচনা হৈছিল দৌলোৎসৱ বা ফল্গুৎসৱ ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


২১বছৰ বয়সত বৰদোৱাত দৌলোৎসৱৰ পাতনি মেলিছিল জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে ৷ 'বিহুৱান' স্মৃতিগ্ৰন্থত বৰপেটাৰ সমাজ সেৱক প্ৰিয়ৰঞ্জন দাসে উদ্ধৃতি দিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৷ "সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মতে, ৰামৰায়কে আদি কৰি জ্ঞাতিসকলে শংকৰদেৱক ক'লে যে, ‘আপুনি অনেক তীৰ্থভ্ৰমণ কৰি নানাৰকমৰ উৎসৱ দেখি আহিছে ৷ আমাকো এটি উৎসৱ দেখুৱাওক ৷’ এই কথা শুনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত শংকৰদেৱে বৃন্দাৱনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে ৷"

ফটো– প্ৰিয়ৰঞ্জন দাস


১৫১৮ত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাই বৰপেটাত আৰম্ভ কৰিছিল দৌলোৎসৱ ৷ বৰপেটাবাসীয়ে এই তেজে তেজে শিপাই থকা উৎসৱক কয় দেউল বুলি ৷ দেউল বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ ৷ প্ৰায় এমাহ ধৰি সকলোৱে অপেক্ষা কৰে প্ৰাণৰ উৎসৱটিলৈ ৷ বৰপেটাৰ দৌলোৎসৱত আনন্দৰ সমাহাৰৰ লগতে আছে ভক্তি ৷ নক্ষত্ৰ গণনা কৰি পালিত হোৱা বৰপেটাৰ দৌলোৎসৱ কেতিয়াবা তিনিদিনীয়া,কেতিয়াবা চাৰিদিনীয়া আৰু কেতিয়াবা পাঁচদিন পৰ্যন্ত হয় ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


ফাগুনৰ পূৰ্ণিমাত হোৱা দৌলোৎসৱ চাৰিদিন বা পাঁচদিন হয় ৷ এই দৌলক কোৱা হয় ডেকা দৌল ৷ আনহাতে চ'তৰ পূৰ্ণিমাত উদযাপিত তিনিদিনীয়া দৌলক কোৱা হয় বুঢ়া দৌল ৷ দৌলোৎসৱৰ প্ৰথম দিনটোত কৰা হয় গন্ধযাত্ৰা ৷ গন্ধযাত্ৰাৰ দিনা পুৱা সত্ৰৰ উপকণ্ঠৰ ৰাইজে পথাৰৰ পৰা নল-খাগৰী আদি আনি টুপৰ চোতালত এটা মেজি সজাৰ নিয়ম প্ৰচলিত হৈ আহিছে ৷ গন্ধযাত্ৰাৰ বিয়লী এক মাহেন্দ্ৰ ক্ষণত মণিকুট গৃহৰ পৰা দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক গায়ন-বায়ন,ঢুলীয়াই সত্ৰৰ চোতাললৈ উলিয়াই আনি শৰাইত স্থাপন কৰে ৷ ইয়াৰ পাছতে আৰম্ভ হয় অধিবাস ৷ অধিবাসৰ সময়ছোৱাতে স্নান কৰোৱা হয় দৌলগোবিন্দ আৰু কলীয়া গোঁসাইক ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


গন্ধৰ দিনাই সন্ধ্যা নিৰ্দিষ্ট ক্ষণত মঠৰ চোতালৰ পৰা গোঁসাইদ্বয়ক গায়ন-বায়ন-বৰঢুলীয়াৰে ভক্তপ্ৰাণ ৰাইজে লৈ যায় মেজিৰ কাষলৈ ৷ প্ৰজ্বলিত মেজিৰ চাৰিওফালে গোঁসাইদ্বয়ক সাত পাক প্ৰদক্ষিণ কৰোৱাৰ নিয়ম প্ৰচলিত হৈ আহিছে বৰপেটা সত্ৰত ৷ হোলীগীতৰ মূৰ্চনা, শংখ-দবা ধ্বনী, উৰুলীৰে মুখৰ হৈ পৰে বৰপেটা সত্ৰ ৷ মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোঁসাইদ্বয়ক পোনতে নি সত্ৰৰ উত্তৰ-পশ্চিত দিশত থকা যোগমোহন গৃহত এখন শৰাইত ৰাখি পৰৱৰ্তী নক্ষত্ৰ গণনা অনুসৰি দৌলত আৰোহন কৰোৱা হয় গোঁসাইক ৷ বৰঢুলীয়াৰ ঢোলৰ চেও, খোল-তাল ভক্তৰ জয়ধ্বনীৰে গোঁসাইক দৌলৰ সাতটা চিৰিত সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সু-সজ্জিত দোলাত উঠোৱা হয় ৷ নিশা গায়ন-বায়নে কৰে দৌলৰ সন্মুখত কৰে সেৱা কীৰ্তন ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


গন্ধৰ পিছৰ দিনটোত হয় ভৰদৌল ৷ তিনিদিনীয়া দৌলোৎসৱত ভৰদৌল এদিন হোৱাৰ বিপৰীতে চাৰিদিনীয়া দৌলোৎসৱত ভৰদৌল দুদিন আৰু পাঁচদিনীয়া দৌলোৎসৱত ভৰদৌল হয় তিনিদিনীয়া ৷ ভৰদৌলৰ সময়ত পুৱা যোগমোহন গৃহত নাম প্ৰসঙ্গ কৰাৰ পিছত বংশৰা বা হাটীগোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যামৰাগৰ দুটা পুৱাৰ গীত গোৱাৰ লগতে ললিত ৰাগৰ যশোমতী পেখিতে নয়ন জুৰাই গীতটো গায় ৷ গোঁসাই দৌলত থকাৰ সময়ত ভক্তপ্ৰাণ ৰাইজে ফাগুগুৰিৰে গোঁসাইক সেৱা কৰে ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


ভৰদৌলৰ নিশা দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰ গোঁসাইক দৌলৰ পৰা নমাই কীৰ্তন ঘৰৰ ভিতৰত ৰাখে ৷ শেষৰ দিনটোক কোৱা হয় সুৱেৰী বুলি ৷ সুৱেৰীৰ দিনটোত পুনৰাই গোঁসাইদ্বয়ক কীৰ্তন মঠৰ চোতাললৈ উলিয়াই আনি দুখন সুশোভিত দোলাত তুলি গায়ন-বায়ন-ঢুলীয়াৰ সৈতে হাজাৰ হাজাৰ ভক্তই আকুল হৈ হোলীগীত গাই গাই বৰপেটা সত্ৰৰ দক্ষিণে থকা কলাবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


কলাবাৰী সত্ৰত গোঁসাইক পবিত্ৰ ভূমিত ৰাখি এবিধ বনৰীয়া মাহ ৰখা হয় গোঁসাইৰ সন্মুখত ৷ যাক কোৱা হয় হেকেতা খোৱা ৷ গোঁসাইক হেকেতা খুৱাই অগণন লোকৰ সৈতে গায়ন-বায়নে 'মাই হেৰ' গকুলে চান্দ আৱে' বৰগীতটি গাই গাই লৈ আনে বৰপেটা সত্ৰলৈ ৷
গোঁসাই আহি বৰপেটা সত্ৰৰ মুখ্য দ্বাৰ পোৱাৰ লগে লগে টুপৰ চোতালত হয় আকৰ্ষণীয় বাঁহ ভঙা কাৰ্যসূচী ৷

ফটো– প্ৰিয়ৰঞ্জন দাস


ঘুনুচা কীৰ্তন মতে, শ্ৰীকৃষ্ণ লক্ষ্মীগৃহ এৰি ঘুনুচা গৃহলৈ যোৱাত অভিমানী লক্ষ্মী বিতুষ্ট হৈ গৃহ প্ৰৱেশত বাধা দিয়ে শ্ৰীকৃষ্ণক ৷ দৌলগৃহৰ চাৰিটা কোণত পুতি থোৱা চাৰিডাল বাঁহেৰে ভিতৰৰ পৰা প্ৰৱেশত বাধা দিয়া হয় শ্ৰীকৃষ্ণক ৷ বৰপেটাৰ ডেকাই শক্তি প্ৰদৰ্শন কৰি দক্ষিণহাটীয়ে এডাল, নহাটীয়ে এডাল আৰু উত্তৰহাটীয়ে দুডাল বাঁহ ভাঙি প্ৰৱেশ কৰে কলীয়া ঠাকুৰ আৰু দৌলগোবিন্দ ৷ প্ৰৱেশৰ পিছতে কীৰ্তন ঘৰৰ চৌপাশে সাতপাক ঘূৰোৱা হয় গোঁসাইক ৷ তাৰ পিছতো মঠৰ চোতালত হয় বুলবুলনি ৷ য'ত কৃষ্ণৰ পক্ষত এজনে আৰু লক্ষ্মীৰ হৈ নাটকীয় ভাবে যুক্তি প্ৰদৰ্শন কৰা হয় ৷ এই বুলবুলনিত শেষত লক্ষ্মীৰ ওচৰত পৰাজয় বৰণ কৰি দণ্ড ভৰে কৃষ্ণই ৷ ইয়াৰ পিছতহে মণিকুটত প্ৰৱেশ কৰিবলৈ দিয়া হয় দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক ৷ লগে লগে অন্ত পৰে ভক্তিৰস জড়িত জাকজমকীয় প্ৰাণৰ দেউল উৎসৱ ৷
Published by: Himangshu Bhuyan
First published: February 25, 2020, 3:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading