অষ্টম স্থানৰ পৰা চমক সৃষ্টিৰে ৰূপৰ পদক লাভ কৰিলে শ্বুটাৰ হৃদয় হাজৰিকাই

News18 Assam | News18-Assam
Updated:January 13, 2020, 4:44 PM IST
অষ্টম স্থানৰ পৰা চমক সৃষ্টিৰে ৰূপৰ পদক লাভ কৰিলে শ্বুটাৰ হৃদয় হাজৰিকাই
২১ বছৰৰ অনূৰ্ধ্বৰ খেলত গুজৰাটৰ ৰুচিৰাজৰ হাতত ফাইনেলত পৰাস্ত হয় হৃদয় হাজৰিক।

২১ বছৰৰ অনূৰ্ধ্বৰ খেলত গুজৰাটৰ ৰুচিৰাজৰ হাতত ফাইনেলত পৰাস্ত হয় হৃদয় হাজৰিক।

  • Share this:
প্ৰথম তিনিটা ৰাউণ্ডত একেবাৰে শেষৰ স্থানত থকা অসমৰ সফল শ্বুটাৰ হৃদয় হাজৰিকাই অন্তিম তিনিটা ৰাউণ্ডত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভ কৰিছে। মহানগৰীৰ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ ৰাইফলত হৃদয়ে মুঠ ২৪৭.৫ পইণ্ট স্ক’ৰ কৰে। ২১ বছৰৰ অনূৰ্ধ্বৰ খেলত গুজৰাটৰ ৰুচিৰাজৰ হাতত ফাইনেলত পৰাস্ত হয় হৃদয় হাজৰিক।

প্ৰথম ৰাউণ্ডৰ পৰা অন্তিম ৰাউণ্ডলৈ ধৈৰ্য সহকাৰে অতি কৌশলেৰে খেলা হদয়ক অভিনন্দন জনাইছে অসম ৰাইফল শ্বুটিঙৰ সাধাৰণ সম্পাদক ভৱজিৎ কলিতাই। ভৱজিৎ কলিতাৰ মতে, সোমবাৰৰ জয়ৰ অভিজ্ঞতাই আগন্তক দিনত হৃদয়ক সহায় কৰিব।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


First published: January 13, 2020, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading