নৈতিক স্খলন ঘটিছে যুৱ সমাজৰ! মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত হ’ল ছাত্ৰ–ছাত্ৰী। ছয়গাঁও মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত একাংশ ছাত্ৰ ছাত্ৰীৰ সন্মুখতে দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে অশালীন কাৰ্যত লিপ্ত হোৱাৰ এটি দৃশ্য মবাইলত বন্দী কৰি প্ৰচাৰ কৰিছিল নিজৰ সহপাঠীয়ে। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিঅ’টো।
কিন্তু মহাবিদ্যালয়খনৰ ভিতৰচৰাত ঘটি থকা এনে অনৈতিক কাৰ্য কলাপৰ বিষয়ে অৱগত নহয় মহাবিদ্যালয়ৰ অধ্যক্ষ কিম্বা কৰ্তৃপক্ষ। যেতিয়া ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হ’ল তেতিয়াহে সাৰ পালে কৰ্তৃপক্ষই। পিছত পলমকৈ হ’লেও মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী দুগৰাকীক মহাবিদ্যালয় খনৰ পৰা বহিষ্কাৰ কৰে। কিন্তু মহাবিদ্যালয়খনত সংঘটিত হোৱা এনে কাৰ্যই এতিয়া বাৰকৈয়ে চিন্তাত পেলাইছে অঞ্চলটোৰ সচেতন মহলক।
ভাইৰেল ভিডিঅ’ৰ পিছত দুজনক বহিষ্কাৰ:
মহাবিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই এনেদৰে ছাত্ৰ ছাত্ৰীয়ে যৌন কাৰ্যত কেনেকৈ লিপ্ত হ’বলৈ পালে সেয়াও হৈছে এক ডাঙৰ প্ৰশ্ন ৷ কিয়নো ২০১৮ চনৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ৰ চৌহদত ম’বাইল ফোন নিষিদ্ধ কৰিছিল, কিন্তু ইমানৰ পিছতো মহাবিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে ম’বাইল নিবলৈ কেনেকৈ সাহ পালে! এনে ধৰণৰ ঘটনাই এতিয়া মহবিদ্যালয় খনৰ ভিতৰচৰাৰ বহু কেইটা দিশ উন্মোচিত কৰিছে।
বিভিন্ন জনে এতিয়া মহাবিদ্যালয়খনৰ অধ্যক্ষকে জগৰীয়া কৰিছে সমগ্ৰ ঘটনাৰ বাবে। অধ্যক্ষ ড° ৰাজু বৰদলৈৰ দুৰ্বল পৰিচালনাৰ বাবেই মহাবিদ্যালয় খনত এনে ধৰণৰ অপকৰ্ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন মহলে।
কেৱল এয়াই নহয় আগতেও মহাবিদ্যালয় খনত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে ৷ আন এক অভিযোগমতে অলপতে অনুষ্ঠিত হৈ যোৱা মহাবিদ্যালয়ৰ নবাগত আদৰণী সভাৰ আগদিনা আৰু পিচদিনা কেইবাটাও শ্ৰেণী কোঠাত সুৰাৰ বটলৰ লগতে আপত্তিজনক সামগ্ৰী একাংশ লোকে প্ৰত্যক্ষ কৰা কাৰ্যইও এটা কথা প্ৰতীয়মান কৰে যে মহাবিদ্যালয়ৰ উৎসৱ সমূহতো কিছুমান দুষ্কাৰ্য তথা অপকৰ্ম চলে ! একাংশ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰা মতে মহাবিদ্যালয়খনত প্ৰায়ে সন্ধিয়া সময়ত ইয়াতকৈয়ো অধিক অপৰাধমূলক কাম কাজ চলে।
মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মবাইলবোৰ এঠাইত ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও এনে কাৰ্য কিমান দিনলৈ অব্যাহত ৰাখিব সেয়াও হ’ব অতি লক্ষ্যণীয় ৷ আনহাতে অধ্যক্ষ ৰাজু বৰদলৈয়ে অপকৰ্মত লিপ্ত হোৱা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বুলি কৈ মহাবিদ্যালয়খনৰ অনুশাসন এতিয়া ৰাজনীতিৰ মেৰ পেচত আবদ্ধ হোৱা বুলি উল্লেখ কৰি সাংবাদিকৰ আগত তেওঁ বিশেষ একো নকলে ৷ এই ঘটনাবোৰে প্ৰকৃততে মহাবিদ্যালয়খনত চৰম অৰাজকতাই বিৰাজ কৰাৰেই উমান দিয়ে বুলি সচেতন মহলে মন্তব্য কৰিছে ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 13, 2019, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।