গুৱাহাটীৰ আন্ত:ৰাষ্ট্ৰীয় ফুটবলত শ্ৰেষ্ঠ শ্বিলঙৰ দল

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:57 PM IST
গুৱাহাটীৰ আন্ত:ৰাষ্ট্ৰীয় ফুটবলত শ্ৰেষ্ঠ শ্বিলঙৰ দল
UBC ফুটবলত শ্বিলঙে নেপালৰ চিএমজি কাঠমাণ্ডুক পৰাস্ত কৰে।

UBC ফুটবলত শ্বিলঙে নেপালৰ চিএমজি কাঠমাণ্ডুক পৰাস্ত কৰে।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:57 PM IST
  • Share this:
ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱ চমুকৈ UBCৰ ষষ্ঠ  বৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰবীণ ফুটবলত শ্বিলঙৰ ফ্ৰেণ্ডছ স্পৰ্টিং ইউনাইটেডে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত চাৰিদিনীয়া সন্মানীয় প্ৰতিযোগিতা খনৰ ফাইনেলত শ্বিলং দলে  নেপালৰ চিএমজি কাঠমাণ্ডু দলক ট্ৰাইব্ৰেকাৰৰ সহায়ত ৫-২ গ'লত পৰাজিত কৰে। নিৰ্ধাৰিত সময়ত খেলৰ ফলাফল আছিল ১-১। ট্ৰাই-বেকাৰত বিদেশৰ দলটো পৰাজিত হয়। ফাইনেলৰ পূৰ্বে দুয়ো দলৰ খেলুৱৈৰ সৈতে চিনাকি কৰি দিয়া হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। প্ৰতিযোগিতাৰ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে নেপালৰ বীৰেন্দ্ৰ থাপাই। শ্ৰেষ্ঠ ৰক্ষন বিভাগৰ খেলুৱৈ হল পোলিং লিংডো। শ্ৰেষ্ঠ গলৰক্ষকৰ সম্মান লাভ কৰে নেপালৰ ৰাজু সিং মহাৰজনে। সৰ্বাধিক গলদাতাৰ সম্মান লাভ কৰে নাৰেংগীৰ অজিত বসুমতাৰীয়ে। খেলৰ শেষত বঁটা সমুহ বিতৰণ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী প্ৰমুখ্যে আন কেবাজনো বিশিষ্ট ব্যক্তিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি