সকলো সীমা চৰাই এইবাৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ। প্ৰকাশিক NRC ক নস্যাৎ কৰি অমিত শ্বাহে সংসদৰ মজিয়াত সমগ্ৰ দেশৰ লগতে অসমতো আকৌ NRC ৰ কাম আৰম্ভ কৰিব বুলি কৰা মন্তব্যত সমৰ্থন কৰিবলৈ গৈ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য কৰিলে বিধায়কজনে।
শিলাদিত্যৰ মতে ‘ CAB আহিলে বিঘ্নিত নহয় অসমৰ ভাষা, সংস্কৃতি। কিন্তু NRC ৰ ভিত্তিবৰ্ষ ১৯৭১ হৈ থকাৰ লগতে বৰ্তমান প্ৰকাশিত NRC গ্ৰহণ কৰিলে ১০০ শতাংশ মুছলমানৰ ৰাজ্য হৈ পৰিব অসম।
লগতে বিধায়কজনে অসমীয়া জাতিৰ নামত ১৬০০ কোটি কিয়, ৩০ হাজাৰ কোটিও খৰচ কৰিবলৈ চৰকাৰ ৰাজি বুলি নিজকে অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰেমী বুজাবলৈ চেষ্টা কৰে বিধায়ক শিলাদিত্য দেৱে।
শিলাদিত্য দেৱে সকলো সীমা চেৰাই NRC ৰ ভিত্তিবৰ্ষ ১৯৭১ বাহাল থাকিলে বা প্ৰকাশিত NRC খন গ্ৰহণ কৰিলে অনাগত দিনত অসমৰ ভৱিষ্যত কি হ’ব সেই কথাও উদাহৰণ সহ বুজাই চূড়ান্ত তাচ্ছিল্ল কৰে অসমত বাস কৰা ইছলামধৰ্মী লোকসকলক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 21, 2019, 16:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।