• Home
  • »
  • News
  • »
  • assam
  • »
  • 'প্ৰদীপ দত্ত ৰয়ৰ নেপথ্যত আছে ISLAMIC FUNDAMENTAL GROUPS'-শিলাদিত্য দেবৰ মতে কিয় ধুলাই দিব লাগে প্ৰদীপ দত্ত ৰয়ক?

'প্ৰদীপ দত্ত ৰয়ৰ নেপথ্যত আছে ISLAMIC FUNDAMENTAL GROUPS'-শিলাদিত্য দেবৰ মতে কিয় ধুলাই দিব লাগে প্ৰদীপ দত্ত ৰয়ক?

প্ৰদীপ দত্ত ৰয়ক বৰাকৰ 'বদন' আখ্যা শিলাদিত্য দেবৰ

প্ৰদীপ দত্ত ৰয়ক বৰাকৰ 'বদন' আখ্যা শিলাদিত্য দেবৰ

প্ৰদীপ দত্ত ৰয়ক বৰাকৰ 'বদন' আখ্যা শিলাদিত্য দেবৰ

  • Share this:
শেহতীয়াকৈ বৰাকত অসমীয়াত লিখা বেনাৰ আঁতৰোৱাৰ হুংকাৰ দি কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াত সফল হোৱা প্ৰদীপ দত্ত ৰয়ক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ শনিবাৰে প্ৰদীপ দত্ত ৰয়ৰ বক্তব্যক লৈ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰিলে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেবে ৷

সংবাদমেলত শিলাদিত্য দেবে বৰাকৰ 'বদন' আখ্যা দিলে প্ৰদীপ দত্ত ৰয়ক ৷ প্ৰদীপ দত্ত ৰয়ৰ এনে কাণ্ডৰ আঁৰত 'ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপছ'ৰ হাত থকাৰো মহা অভিযোগ আনিলে শিলাদিত্য দেবে ৷ প্ৰাক্তন বিধায়কগৰাকীয় কয় যে, "প্ৰদীপ দত্ত ৰয়ৰ মন্তব্যক লৈ মই চিন্তিত ৷ বিষয়টোক লৈ অপেন ফ'ৰামত প্ৰতিবাদৰ প্ৰয়োজন হৈছে ৷ BDF গঠন কৰি প্ৰদীপ দত্ত ৰয়ে কৰা কামক কোনেও সমৰ্থন নকৰে ৷ এক বিশেষ এজেণ্ডা লৈ কাম কৰি আছে ৰয়ে ৷ কংগ্ৰেছ চৰকাৰৰ দিনত দালালী কৰিছিল প্ৰদীপ দত্ত ৰয়ে ৷ সেই একেজন প্ৰদীপ দত্ত ৰয়ে টিকটৰ আশাত যোগ দিছিল বিজেপিত ৷ বিজেপিত নিজৰ কাম নিসিজাত বিকল্প ৰাজনীতিৰ বাবে BDFখুলি নিজৰ এজেণ্ডাত চলিছে প্ৰদীপ দত্ত ৰয় ৷"

হোজাইৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে লগতে ক'লে,"বাংলাক দ্বিতীয় ভাষা কৰাৰ বাবে আন্দোলন চলিছিল ৷ বৰাকে তাৰ স্বীকৃতিও পাইছিল ৷ ভাষাৰ অধিকাৰ বৰাকবাসীয়ে পাইছে ৷ কিন্তু এতিয়া বৰাক-ব্ৰহ্মপুত্ৰৰ যি সমন্বয়ৰ ফলত বৃহত্তৰ অসমীয়া সমাজ, হিন্দু সমাজ শক্তিশালী হৈছে তাকে দেখি প্ৰদীপ দত্ত ৰয়ে অশান্তি বিয়পাব বিচাৰিছে ৷ বৰাকৰ ১৫খন বিধানসভাৰ আসনত ছজনহে আছে  প্ৰকৃত বাঙালীৰ প্ৰতিনিধি ৷ বৰাক কোন দিশে গতি কৰিছে কাৰ আঙুলিৰ ঠাৰত নাচিছে প্ৰদীপ দত্ত ৰয় সেয়া বুজাত অসুবিধা হোৱা নাই ৷ এতিয়া কাৰ হাতলৈ বৰাক যোৱাতো বিচাৰিছে প্ৰদীপ দত্ত ৰয়ৰ দৰে তথাকথিত নেতাই সেয়া স্পষ্ট হৈ পৰিছে ৷ বৰাকৰ বাঙালীয়ে এতিয়া মাত মতা উচিত৷ বৰাকত প্ৰায় ১৫লাখ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত ৪৫ লাখতকৈ অধিক বাঙালী আছে ৷ ক'তা, ব্ৰহ্মপুত্ৰ উপত্যকাত এনে হৈছে নেকি কেতিয়াবা? মোৰ স্পষ্ট কথা, অসমীয়া আৰু বাঙালীৰ সম্প্ৰীতি বিনষ্ট কৰা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিব লাগে ৷'

'ইষ্ট পাকিস্তানৰ জন্ম হোৱাৰ সময়ত অসমীয়াই দিয়া বাঙালীক আশ্ৰয়ৰ কথা আমি বুজি পাওঁ ৷ সেই কথা ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা প্ৰত্যেক বাঙালী লোকে মৰ্মে মৰ্মে উপলব্ধি কৰে ৷ সেই কথা বৰাকৰ বাঙালীৰো প্ৰমাণ দিয়াৰ সময় এয়া ৷ বৰাকৰ ৰাইজে প্ৰদীপ দত্ত ৰয়ক যে সুৰক্ষা দিয়া নাই তাৰ প্ৰমান দিবলৈ প্ৰতিবাদ কৰিব লাগিব ৷ চৰকাৰলৈও আহ্বান শীঘ্ৰে গ্ৰেপ্তাৰ কৰক প্ৰদীপ দত্ত ৰয়ক ৷ হিৰ' নাছিল, নহয় আৰু হ'ব নোৱাৰে প্ৰদীপ দত্ত ৰয় ৷ প্ৰদীপ দত্ত ৰয়ক একাষৰীয়া কৰিব লাগে ৷ প্ৰদীপ দত্ত ৰয়ক বৰাকত এঘৰীয়া কৰিব লাগে ৷ কি বুজাইছে এনে বিদ্বেষ ভৰা মন্তব্য কৰি প্ৰদীপ দত্ত ৰয়ে? যি পৰিয়াল বাংলাদেশত থাকিব নোৱাৰি অসমলৈ আহিছিল ধৰ্ম বচাব নোৱাৰি সেই প্ৰদীপ দত্ত ৰয়ে এতিয়া ভাষা বচোৱাৰ নাটক কৰিছে ৷ মই ভাৱো, চৰকাৰে ভয়ত গ্ৰেপ্তাৰ নকৰাকৈ থকা নাই প্ৰদীপ দত্ত ৰয়ক ৷ কিন্তু, এই সময়ত প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ দাবী বৰাকবাসীৰ ফালৰ পৰাই উত্থাপন হ'ব লাগে ৷"- এনেদৰে কয় শিলাদিত্য দেবে।

'প্ৰাক্তন বিধায়ক গৰাকীয়ে লগতে উদ্বেগৰে সংযোগ কৰিলে, "বৰাকত লাহে লাহে হিন্দু সংখ্যালঘু হোৱাৰ দিশে ৷ বৰাক যদি অসমৰ পৰা বিভাজিত হয় বৰাকৰ হিন্দু ক'লৈ যাব? আহিব লাগিব ব্ৰহ্মপুত্ৰ উপত্যকালৈকে ৷ ISLAMIC FUNDAMENTAL GROUPS প্ৰদীপ দত্ত ৰয়ৰ পিছত আছে ৷ ইছলামিক ফাণ্ডামেণ্টেল গ্ৰুপছ থকাতো নিশ্চিত ৷ বৰাক ভেলীক অসমৰ পৰা কাটি নিলে ইছলামিক ষ্টেট কৰাৰ এজেণ্ডা সম্পূৰ্ণ হ'ব ৷তাকে বিচাৰি আছে প্ৰদীপ দত্ত ৰয়ে ৷ সুষ্মিতা দেবৰো হয়তো ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ এজেণ্ডা থাকিব পাৰে প্ৰদীপ দত্ত ৰয়ৰ ৷ ভাষাৰ বাবে গঠন হোৱা বাংলাদেশত এতিয়া ধৰ্মহে মূল সেই কথাও বুজক বৰাকৰ হিন্দু বাঙালীয়ে ৷ প্ৰদীপ দত্ত ৰয় বৰাকৰ বদন, এই বদনক শিক্ষা বৰাক বাসীয়েই দিয়ক ৷"

সংবাদমেলৰ শেষত শিলাদিত্য দেবে প্ৰদীপ দত্ত ৰয়ৰ সাংবাদিকৰ প্ৰতি কৰা আচৰণ আৰু ড৹ হীৰেণ গোঁহাইৰ মন্তব্যক লৈও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া,"হীৰেণ গোঁহাই প্ৰদীপ দত্ত ৰয়ৰ মাজত কোনো পাৰ্থক্য নাই ৷ লাল ঝাণ্ডাৰ নেতাই এনেবোৰ কথা কয়েই ৷ সাংবাদিকৰ মোবাইল কঢ়া ঠাইতে প্ৰদীপ দত্ত ৰয়ক ঢুলাই দিব লাগিছিল ৷"— শিলাদিত্য দেব
Published by:Himangshu Bhuyan
First published: